বেতকুছিৰ আই এছ বি টিত ডিজিটেল গেটৰ শুভাৰম্ভ

বেতকুছিৰ আই এছ বি টিত ডিজিটেল গেটৰ শুভাৰম্ভ

অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী হিচাপে কিছুদিন পূৰ্বে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত পৰিমল শুক্লবৈদ্যই ৰাজহুৱা খণ্ডৰ পৰিবহণ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ ( এ এছ টি চি ) আয় বৃদ্ধি কৰা আৰু ৰাজহ ফাঁকি দিয়াৰ সুৰুঙা সমূহ বন্ধ কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ অংশহিচাপে এ এছ টি চিৰ অধীনত পৰিচালিত গুৱাহাটীৰ বেতকুছিস্থিত ৰূপনাথ ব্ৰহ্ম আন্তঃৰাজ্যিক বাছ আস্থানৰ প্ৰৱেশদ্বাৰত এন ই টি চি ফাষ্টটেগৰ জৰিয়তে পাৰ্কিং মাচুল সংগ্ৰহৰ বাবে ডিজিটেল গেট স্থাপন কৰা হৈছে । ইয়াৰ অংশহিচাপে এন ই টিৰ ফাষ্ট টেগৰ জৰিয়তে মাছুল সংগ্ৰহৰ বাবে টোলগেটৰ আৰ্হিত য়েছ বেংক আৰু এন পি চি পিৰ সহযোগত স্থাপন কৰা হৈছে এখন ডিজিটেল গেট । আজি গেটখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । এই উপলক্ষে এ এছ টি চিৰ জ্যেষ্ঠ অভিযন্তা ঘনকান্ত দাসে আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এনে ধৰণৰ গেট স্থাপন কৰাৰ ফলত নিগমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিটো উজু হব বুলি আশা প্ৰকাশ কৰে । আনহাতে অনুষ্ঠানত এ এছ টি চিৰ অধ্যক্ষ মিছন ৰঞ্জন দাসে আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি “হৰ ঘৰ ত্ৰিৰংগা” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । আনহাতে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ , মুখ্য অভিযন্তা বলীন দাস , উপ মহা প্ৰৱন্ধক বিজু ডেকা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰ , অসম চৰকাৰৰ পৰিবহণ বিভাগৰ যুটীয়া সচিব হানিফ নুৰাণী , য়েছ বেংকৰ সভাপতি পাৰ্থ প্ৰতীম গোস্বামী উপস্থিত থাকে ।

Comments (0)
Add Comment