বৈকুণ্ঠনগৰীলৈ পৰিণত জামুগুৰিহাটৰ কোৱামৰা গাঁও

বৈকুণ্ঠনগৰীলৈ যেন পৰিণত হ’ল জামুগুৰিহাটৰ কোৱামৰা গাঁও। জামুগুৰিহাটৰ কোৱামৰা গাৱৰ নামঘৰ প্ৰাঙ্গনত মহাপুৰুষীয়া আদি পন্থা সমাজ অসমৰ ৬৫ তম বাৰ্ষিক অধিবেশন আৰু পালনাম অনুষ্ঠিত হয়। আজি মহাপুৰুষীয়া আদি পন্থা সমাজৰ কেন্দ্ৰীয় সভাপতি ডা° তৰুণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতিয়া বৰাই আদি পন্থা সমাজৰ মহাপালনাম কাৰ্যসুচীয়ে সমাজৰ সকলো শ্ৰেণী ৰাইজৰ মাজত আধ্যাত্মিক চেতনা জাগ্ৰত কৰিব বুলি মন্তৱ্য কৰে । সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় উপ সভাপতি হৰকান্ত দাস ,সম্পাদক কেশৱ চন্দ্ৰ দাস,সহ সম্পাদক ঘনকান্ত দাস, আচাৰ্য সৌমিন্দ্ৰ দাস, দক্ষিণ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী গংগা দেৱী প্ৰমুখ্য কৰি বিভিন্নজন । আনহাতে আজি পূৱা কোৱামৰা গাৱত উলিওৱা হয় ভাগৱত শোভাযাত্ৰা  আৰু সাংস্কৃতিক কাৰ্য্যসূচী । নিশালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তথা ২৩ খন জিলাৰ ভক্তপ্ৰাণ ৰাইজে পাল নামত অংশ গ্ৰহণ কৰি সমগ্ৰ অঞ্চলটোক বৈকুণ্ঠপুৰিলৈ পৰিণত কৰে।
বাতৰি যুগুতালে  ৰাতুল হাজৰিকাই..

Comments (0)
Add Comment