মনত নাই কোনো ভয়,নাই কোনো শংকা৷আছে কেৱল প্ৰচণ্ড মনোবল আৰু বহু আশা৷এগৰাকী নাৰী হৈও পুৰুষে কৰা কামো যে নাৰীয়ে কৰিব পাৰে তাৰেই যেন এক উদাহৰণ দাঙি ধৰিছে এইগৰাকী যুৱতীয়ে৷পুৱা ৪ বজাতেই ঘৰৰপৰা ওলাই বিয়লিলৈকে গ্ৰাহক সকলৰ লগত যোগাযোগ কৰি নিৰ্দিষ্ট পাৰ্চেলৰ সামগ্ৰী যোগান ধৰি নিজকে আত্মনিৰ্ভৰশীল কৰাৰ বাবেই এই কৰ্মত মনোনিবেশ কৰিছে এইগৰাকী যুৱতী গৰাকীয়ে৷প্ৰথমে ভয় আৰু সংকোচ যুৱতীগৰাকীৰ মনত ঠাই পাইছিল যদিও এতিয়া লিজা ভূঞাৰ বাবে সকলো স্বাভাৱিক হৈ পৰিছে৷
যাৰ বাবে নিজৰ লগতে পৰিয়ালটিৰ অভাৱ অভিযোগ পূৰণ কৰাৰ দিশত নিজকে জড়িত কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকী৷পঢ়াৰ সমান্তৰালকৈ কষ্টকৰ এটি কামত যোগদান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা লিজা যেন এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ৷লিজাৰ মতে কোনো কামতেই লাজ কৰিব নালাগে৷মাথো লাগে আগ্ৰহ আৰু আত্মবিশ্বাস৷আমিও আশা কৰিছো এটি মধ্যবিত্ত পৰিয়ালৰ এইগৰাকী যুৱতীৰ মনৰ আশা পূৰণ হওক আৰু সকলোৰে বাবে আদৰ্শ হৈ উঠক।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..