ব্যতিক্ৰমী কাৰ্যৰে সকলোকে আকৰ্ষণ কৰিছে টীয়কৰ ৰিমঝিমে

ব্যতিক্ৰমী কাৰ্যৰে সকলোকে আকৰ্ষণ কৰিছে টীয়কৰ ৰিমঝিমে

ব্যতিক্ৰমী যুৱতী, নাম ৰিমঝিম দত্ত । ঘৰ টীয়কৰ মেলেং গায়ন গাঁৱত ।পুৰুষৰ সমানে ৰিমঝিমে কৰে পাৱাৰ টিলাৰে পথাৰত হাল বোৱা,মৰণা মৰা,ব্ৰইলাৰ পোহা ,মৎস্য পালনকে ধৰি স্বাৱলম্বী হ`ব পৰা সকলো কামেই । ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰিমঝিমে চৰকাৰী চাকৰিৰ আশাত ৰৈ নাথাকি স্বাৱলম্বী হ`বৰ বাবে ঘৰতে থলুৱা প্ৰজাতিৰ মাছ পালন, ব্ৰুইলাৰ মুৰ্গী পালন কৰাৰ লগতে হালধি আৰু কচু খেতিত ব্যস্ত হৈ পৰিছে।
সৰুৰে পৰা নিজৰ পিতৃ আৰু খুড়াকক কৃষি কৰ্মৰে জড়িত হোৱা দেখি অহা ৰিমঝিমে কান্ধত কোৰ লৈ ,পাৱাৰ টিলাৰে হাল বাই কৃষি কৰ্মত পিতৃৰ সমান্তৰালভাৱে ব্যস্ত থাকে ৰিমঝিম । নৱ প্ৰজন্মৰ বাবে আদৰ্শ এই গৰাকী ৰিমঝিমৰ আছে বহু পৰিকল্পনা।লগতে বিশেষকৈ ক`ভিডসৃষ্ট এই ভয়ংকৰ পৰিবেশ মিছাতে শুই বহি সময় নষ্ট নকৰি ইতিবাচক দৃষ্টিভংগীৰে নিজকে আত্মনিয়োগ কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনাইছে ৰিমঝিমে।

Comments (0)
Add Comment