অসমত খেতি কৰা যুৱকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।এইয়া নিশ্চয়কৈ অসমীয়া জাতিৰ বাবে এক আশাৰ খবৰ ।অসমীয়া ল’ৰা ছোৱালীয়ে খেতি কৰাৰ মনোবৃত্তি গঢ়ি উঠিলে নিবনুৱা সমস্যা দূৰ হোৱাৰ লগতে আৰ্থিক সমস্যাও নোহোৱা হ’ব।এনে এজন উদ্যমী যুৱ খেতিয়ক খাৰুপেটীয়া বিহুদিয়া গাঁৱৰ হাবিবুৰ ৰহমান।যুৱকজনে দহ বিঘা মাটিত নতুন জৈৱিক পদ্ধতিৰে কেপচিকাম জলকীয়াৰ খেতি কৰিছে।মঙ্গলদৈ কৃষি বিজ্ঞান কেন্দ্রৰ বৈজ্ঞানিকৰ পৰামৰ্শ লৈ কেপচিকাম খেতি কৰাৰ লগতে ইক’লজিকেল ইঞ্জিনীয়াৰিং পদ্ধতি ব্যৱহাৰ কৰিছে।ইক’লজিকেল ইঞ্জিনিয়াৰিং পদ্ধতি ব্যৱহাৰ কৰি প্ৰধান শস্যক অনিষ্টকাৰী পোক পতঙ্গৰ পৰা ৰক্ষা কৰিবলৈ কেপচিকামৰ মাজত নাৰ্জী ফুল ৰোপন কৰিছে।ইয়াৰ ফলত খেতিয়কজনে কেপচিকামৰ খেতি ডৰাৰ পৰা দুগুন লাভ কৰিবলৈ সক্ষম হৈছে।দহ বিঘা মাটিত পঞ্চাশ হাজাৰ টকা খৰচ কৰি বৰ্তমান কেপচিকামৰ লগতে নাৰ্জী ফুল বজাৰত বিক্ৰী কৰি প্ৰতি বিঘাত দুই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে খেতিয়কজনে।খাৰুপেটীয়াৰ এইজন যুৱকে খেতি কৰি আজি নিজৰ এক পৰিচয় দাঙি ধৰিছে।নিউজ ডেক্স ৰিপ’ৰ্ট এন ই ফ’কাচ ডট কম..
ব্যতিক্ৰমী কৃষি পদ্ধতিৰে লাভৱান হবিবুৰ-আপুনিও চেষ্টা কৰি চাব পাৰে
