ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ

প্ৰায় ডেৰ বছৰৰ অন্তত চুবুৰীয়া দেশ বাংলাদেশত প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ নেতৃত্বত যোৱা ১৭ ফেব্ৰুৱাৰীত এখন নতুন গণতান্ত্ৰিক চৰকাৰ গঠন হোৱাৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্বাভাৱিক হোৱাৰ দিশে গতি কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ ৫ আগষ্টত শ্বেইখ হাচিনা চৰকাৰখন ক্ষমতাচ্যুত হোৱাৰ পাছত ডঃ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱতীকালীন চৰকাৰৰ ডেৰ বছৰীয়া শাসনত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। যাৰ ফলত কলকাতাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশৰ মাজেৰে অসমলৈ জাহাজৰ চলাচল প্ৰায় বন্ধ হৈ পৰাৰ দৰে হৈছিল। সেই ডেৰ বছৰত মাত্ৰ দুখনমান জাহাজহে বিশেষ ব্যৱস্থাৰ মাজেৰে ভাৰত – বাংলাদেশ প্ৰটকল অনুসৰি ব্ৰহ্মপুত্ৰৰে পাণ্ডু আৰু উজনি অসমলৈ গধুৰ সামগ্ৰী অসমলৈ আহিছিল। অবশেষত প্ৰায় পাঁচ সপ্তাহ পূৰ্বে বাংলাদেশত নতুন গণতান্ত্ৰিক চৰকাৰ গঠন হোৱাৰ পাছত দুয়োখন দেশৰ মাজত ২০২৪ বৰ্ষৰ ৫ আগষ্টৰ পূৰ্বৰ পৰিবেশ ঘুৰি অহাৰ উপক্ৰম হৈছে। ইয়াৰ ফলত আভ্যন্তৰীণ জলপথ ব্যৱস্থাৰ দক্ষতা বৃদ্ধি পোৱা
বিষয়টো পুনৰ এবাৰ প্ৰতিফলিত কৰি, গ্রানুলেটেড ব্লাষ্ট ফার্নেছ স্লেগ আৰু টিএমটি বাৰসমূহৰ উচ্চমূল্যৰ পৰিবহণ ভাৰত-বাংলাদেশ প্রট’কল জলপথৰে পাণ্ডুত ২৪ মাৰ্চত উপস্থিত হয়। কলকাতাস্থিত টাটা ষ্টীল লিমিটেডে গুৱাহাটীস্থিত লাছেন এও ট’ৱ’ লিমিটেডৰ বাবে প্ৰেৰণ কৰা এই পৰিবহণত মুঠ ২৩,৯৮০টা বেগ আছিল, ইয়াৰ ওজন আছিল প্রায় ১,১৯৯ মেট্রিক টন। তদুপৰি ৩০০ মেট্রিক টন টি এম টি বাৰসমূহো অন্তর্ভুক্ত আছিল। এই সমগ্র সামগ্ৰী টাগ এম ভি ত্রিশূল আৰু বাৰ্জ ডিবি দিক্ষু আৰু ডি বি অজয়ৰ জৰিয়তে পৰিবহণ কৰা হৈছিল। এই সফল পৰিবহণে আভ্যন্তৰীণ জলপথৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ দিশটো স্পষ্টকৈ প্রকাশ কৰাৰ লগতে যিয়ে বাল্ক কাৰ্গ’ পৰিবহণত অধিক দক্ষতা আৰু আঞ্চলিক সংযোগ উন্নত কৰিছে। এইক্ষেত্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এনে নিৰৱচ্ছিন্ন ব্যৱস্থা নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এই সন্দৰ্ভত প্ৰাধিকৰণৰ পাণ্ডুস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি আগন্তুক দিনত ভাৰত – বাংলাদেশ প্রটকল ব্ৰহ্মপুত্ৰৰে অনুসৰি কলকাতা বা আন নদী বন্দৰৰ পৰা কেবাখনো বৃহৎ জাহাজ পাণ্ডু বা আন ঘাটলৈ আহিব। উল্লেখ্য যে ভাৰত চৰকাৰৰ সামুদ্ৰিক, বন্দৰ আৰু জাহাজ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সোণোৱালৰ বিশেষ উদ্যোগত ব্ৰহ্মপুত্ৰ নদীৰ জলপথৰ উন্নয়ন সাধনৰ বাবে বহু অভিলাসী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment