ব্ৰেইলী পদ্ধতিত গ্ৰন্থ লিখি উলিয়াইছে এগৰাকী প্ৰতিবন্ধীয়ে

চিমেন চাপৰিৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰীমন্ত শঙ্কৰ সংঘৰ অধিবেশনত এগৰাকী দৃষ্টিহীন যুৱতীয়ে ব্ৰেইলী পদ্ধতিত লিখি উলিওৱা তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়।

এইগৰাকী গোগামুখ কৃষ্ণপুৰ গাঁৱৰ দৃষ্টিহীন যুৱতী হ’ল প্ৰতিভা বৰা । প্ৰতিভা বৰাই দৃষ্টিহীন লোকে পঢ়িব পৰা ব্ৰেইলী পদ্ধতিত লিখি উলিওৱা কীৰ্তন,ঘোষা আৰু প্ৰসংগ প্ৰণালী নামৰ তিনিখনকৈ গ্ৰন্থ অধিবেশনস্থলীত উন্মোচন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনখন ব্ৰেইলী পদ্ধতিত লিখি উলিয়াবলৈ তেওঁক প্ৰায় ডেৰমাহ সময়ৰ প্ৰয়োজন হৈছিল । প্ৰতিভা বৰাৰ গ্ৰন্থকেইখন দৃষ্টিহীন পাঠকসকলৰ বাবে নিসন্দেহে অমূল্য সম্পদ হিচাপে পৰিগণিত হ’ব।

Comments (0)
Add Comment