বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ

জাপানৰ প্ৰধানমন্ত্ৰী চানে টাগেতেই পহিলা জুলাইৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। নামত দেশ হিচাপে ভাৰতলৈ আহিলেও জাপানৰ প্ৰধানমন্ত্ৰী গৰাকী পহিলা জুলাইৰ পৰা তিনিদিন ধৰি কেৱল গুৱাহাটীতে থাকিব। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-জাপানৰ অৰ্থনৈতিক সম্মিলনখন। এই সন্মিলনখন বিগত ২০২০ বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু সেই সময়ত কা বিৰোধী আন্দোলনৰ বাবে ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবে সন্মিলনখন বাতিল কৰা হৈছিল। ইফালে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক তিনিদিনীয়া সম্মিলনখন যাতে সফলভাৱে সম্পন্ন হয় তাৰ বাবে ভাৰত চৰকাৰেও বিশেষ তৎপৰতা আৰম্ভ কৰিছে। আনকি দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও ব্যক্তিগতভাৱে তদাৰক কৰিছে যাতে সম্মিলনখন সফলভাৱে গুৱাহাটীত সম্পন্ন হয়। আনকি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক আগন্তুক ভাৰত-জাপান সম্মিলন সন্দর্ভত বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেতবোৰ বিশেষ নীতি নির্দেশনাও দিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ইফালে সম্মিলনখনলৈ মাজতে মাত্র ১৩ টা দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীখন যাতে সম্মিলনৰ কমেও এক সপ্তাহ আগতে সর্বাংগ সুন্দৰ হৈ উঠে তাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি সংশ্লিষ্ট বিভাগ সমূহে হাতে-কামে নামি পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ কৰি খানাপাৰলৈকে সমগ্র মহানগৰীখনক সৌন্দর্যবৰ্দ্ধন কৰা কাম আৰম্ভ কৰা হৈছে। আনহাতে জাপানৰ প্ৰধানমন্ত্ৰীকে ধৰি সম্মিলনত ভাগ ল’বলগীয়া দুয়ো দেশৰ সকলো প্রতিনিধি বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হৈ গুৱাহাটীলৈ আহিব। সেয়েহে বৰঝাৰ বিমান বন্দৰত নামিয়েই দুয়োখন দেশৰ প্ৰতিনিধিয়ে অসম সন্দর্ভত এক সম্যক ধাৰণা গ্ৰহণ কৰিব পাৰে আৰু অসমৰ সুনামত যাতে কোনো ধৰণৰ প্ৰশ্নৰ উদ্ৰেক নহয় তাৰ বাবে মুখ্যমন্ত্রী শর্মায়ো। বিশেষ তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এই তৎপৰতাৰ অংশ হিচাপে বিগত কেইটামান দিনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৰঝাৰ বিমান বন্দৰ পৰিদৰ্শন কৰি জাপানী প্ৰধানমন্ত্ৰীগৰাকীৰ প্রস্তাবিত ভ্ৰমণৰ বুজ লৈ আছে। তেওঁক সংগ দি আহিছে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া, মুখ্য সচিব ডঃ ৰবি কোটাসহ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কেবাজনো শীৰ্ষ বিষয়া , অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তসহ মহানগৰ আৰক্ষীৰ কেবাজনো শীর্ষ বিষয়া , কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত স্বপ্নিল পালসহ জিলা প্ৰশাসনৰ কেবাজনো বিষয়াই। একেদৰে পৰিদৰ্শনকালত ডঃ শৰ্মাক বিমান বন্দৰৰ কৰ্তৃপক্ষৰ কেবাজনো বিষয়া আৰু বিমান বন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চি আই এছ এফৰ কেবাজনো বিষয়ায়ো মুখ্যমন্ত্ৰী গৰাকীক সংগ দি আহিছে । আনহাতে পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী গৰাকীয়ে বিমান বন্দৰৰ আন্তঃগাঁথনি উন্নয়ন, বিদেশী প্রধানমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া উচ্চ পৰ্যায়ৰ প্রতিনিধি দলটোৰ আপ্যায়নত যাতে কোনো ধৰণৰ ক্রুটি নাথাকে তাৰো বুজ লৈ উপস্থিত ৰাজ্য চৰকাৰৰ বিষয়া, বিমান বন্দৰৰ বিষয়াৰ সৈতে মত-বিনিময় কৰি আহিছে । উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনৰ বাবে আগদিনা অর্থাৎ ৩০ জুনৰ দিনাই প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী আহি গুৱাহাটীত উপস্থিত হোৱাৰ কথা থাকে। এক কথাত ৩০ জুনৰ দিনাৰ পৰাই চাৰিদিনৰ বাবে গুৱাহাটী হৈ পৰিব দেশৰ ৰাজধানী। কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কমেও এক ডজন কেন্দ্রীয় মন্ত্রী, অর্ধ শতাধিক কেন্দ্রীয় বিষয়া উপস্থিত আছিল।

Comments (0)
Add Comment