বৰাকৰ বিকল্প পথৰ বাবে গাডকাৰীক পৰামৰ্শ সাংসদ সুস্মিতা দেৱৰ

বৰাক উপত্যকাৰ লগতে দেশৰ বাকী অংশৰ যোগাযোগ ৰক্ষা কৰাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ সাংসদ সুস্মিতা দেৱে বুধবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক লগ ধৰে।তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সদস্য দেৱে মন্ত্ৰী গৰাকীৰ হাতত এখন স্মাৰক লিপি প্ৰদান কৰে আৰু দাবী জনায় যে শিলচৰ সৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাছেৰাৰ পৰা হাৰাঙাজাওৰ ৩১ কিলোমিটাৰ পথৰ মেৰামতি কাম সোনকালে সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ ওপৰিও জোৱাই -বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতিৰ বাবে দাবী জনায় ।তেওঁ কয় যে দেশৰ বাকী অংশৰ লগত বৰাক উপত্যকা মিজোৰাম আৰু ত্ৰিপুৰাৰ জীৱন ৰেখা হিচাপে চিহ্নিত এই ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতৰ প্ৰয়োজন।বিকল্প পথ হিচাপে হাৰাঙাজাও- তুৰুক পথৰ নিৰ্মাণ কৰা উচিত বুলি তেওঁ স্মাৰক লিপিত উল্লেখ কৰে।

Comments (0)
Add Comment