ভাৰতী এয়াৰটেলৰ নেতৃত্বৰ পৰিৱৰ্তনৰ ঘোষণা

যোৱা ১৩ বছৰ ধৰি ভাৰতী এয়াৰটেলৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নেতৃত্ব দি অহা গোপাল ভিট্টাল পাছত কৰ্মদক্ষতাৰ ভিত্তিত পৰিচালন সঞ্চালক হোৱাৰ উপৰিও ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতী এয়াৰটেল লিমিটেডৰ ভাইচ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল। শাশ্বত শৰ্মাক কোম্পানীটোৰ চিইঅ’ ডিজাইনেট হিচাপে নিযুক্তি দিয়া হৈছিল।
পৰিকল্পিত উত্তৰাধিকাৰ আৰু সফলতাৰ ভিত্তিত অহা ২০২৬ চনৰ ১ জানুৱাৰীত গোপাল ভিট্টালে ভাৰতী এয়াৰটেলৰ কাৰ্যবাহী উপাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব আৰু ভাৰতী এয়াৰটেল তথা ইয়াৰ সকলো সহযোগী কোম্পানী, সংস্থাসমূহৰ তত্ত্বাৱধান কৰিব।নতুন দায়িত্ব অনুসৰি গোপাল ভিট্টালে কোম্পানীসমূহৰ পৰ্যবেক্ষণৰ উপৰিও ডিজিটেল আৰু প্ৰযুক্তি, নেটৱৰ্ক কৌশল, খৰিদ আৰু প্ৰতিভাৰ ক্ষেত্ৰত গোটৰ সহযোগিতা আগবঢ়োৱাৰ দায়িত্বও ল’ব। তেওঁ গোটৰ কৌশল আৰু সংস্থাটোক পৰৱৰ্তী বিকাশৰ বাবে নিৰাপদ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব। ইফালে পাৰদৰ্শিতা আৰু শক্তিশালী ভূমিকাৰ ভিত্তিত ২০২৬ চনৰ ১ জানুৱাৰীত ভাৰতী এয়াৰটেল ইণ্ডিয়াৰ এম ডি আৰু চিইঅ’ হিচাপে গোপালৰ পদত অধিষ্ঠিত হ’ব শাশ্বত শৰ্মা।
ইয়াৰ উপৰিও বৰ্তমান ভাৰতী এয়াৰটেল ইণ্ডিয়াৰ মুখ্য বিত্তীয় বিষয়া সৌমেন ৰেক গোপালক প্ৰতিবেদন দিয়া গ্ৰুপ মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব। সৌমেনে প্ৰায় ৪ বছৰ ধৰি ভাৰতী এয়াৰটেলৰ আৰ্থিক প্ৰদৰ্শনক পথ প্ৰদৰ্শন কৰাত যথেষ্ট সহায় আগবঢ়াই আহিছে।
ভাৰতী এয়াৰটেলৰ বৰ্তমানৰ বিত্তীয় নিয়ন্ত্ৰক অখিল গাৰ্গক ভাৰতী এয়াৰটেল ইণ্ডিয়াৰ মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব। প্ৰায় ১২ বছৰ ধৰি এয়াৰটেলৰ সৈতে জড়িত অখিলে হেক্সাকম আইপিঅ’কে ধৰি এয়াৰটেলৰ কেইবাটাও ব্যৱসায়িক প্ৰকল্পৰ নেতৃত্ব দি একাধিক ভূমিকা পালন কৰি আহিছে। নতুন ভূমিকাত অখিলে শাশ্বত আৰু সৌমেনক সহযোগিতা আগবঢ়াব।
ইফালে বৰ্তমানৰ যুটীয়া কোম্পানী সচিব আৰু কমপ্লায়েন্স বিষয়া ৰোহিত পুৰীক ভাৰতী এয়াৰটেলৰ কোম্পানী সচিব আৰু কমপ্লায়েন্স বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব। গ্ৰুপ কোম্পানী সম্পাদক পংকজ তিৱাৰীয়ে গ্ৰুপ পৰ্যায়ত নেতৃত্ব আৰু তদাৰকী আগবঢ়াই যাব। ভাৰতী এয়াৰটেলৰ অধ্যক্ষ সুনীল ভাৰতী মিট্টালে ভাৰতী এয়াৰটেলৰ নেতৃত্বৰ পৰিৱৰ্তনৰ এই কথা ঘোষণা কৰিছে।
এই সন্দৰ্ভত তেওঁ এয়াৰটেলত নেতৃত্বৰ উত্তৰাধিকাৰ আৰু পৰিৱৰ্তনক লৈ মই অত্যন্ত সন্তুষ্ট বুলি উল্লেখ কৰি এতিয়াৰে পৰা এয়াৰটেলত পৰিৱৰ্তন আৰু ধাৰাবাহিকতা একেলগে আগবাঢ়ি যাব বুলি মন্তব্য কৰে। গোপাল আৰু শাশ্বট দুয়োজনেই এয়াৰটেলৰ সাফল্যত গতিবেগ গঢ়ি তুলিব বুলি আশা কৰি তেওঁ দুয়োৰে ভূমিকাত সফলতা কামনা কৰে। তেওঁ লগতে কয় যে,এটা সংস্থা হিচাপে আমি আমাৰ অতিশয় শক্তিশালী আৰু পেছাদাৰী পৰিচালনা দলৰ সৈতে থাকি গৌৰৱ অনুভৱ কৰিছো। আমাৰ দলে উদ্যোগীকৰণৰ ক্ষমতাৰ সৈতে আমাৰ উদ্যমী দক্ষতাৰ সৈতে মিলি লাখ লাখ গ্ৰাহকৰ ওচৰলৈ আমি পৰিচালনা কৰা শ্ৰেষ্ঠ প্ৰযুক্তি আৰু সেৱাসমূহ কঢ়িয়াই নিয়ে। বিশেষকৈ আমি শ্ৰেষ্ঠ বিশ্বব্যাপী টেলিকম কোম্পানী গঢ়ি তোলাৰ আমাৰ উচ্চাকাংক্ষাৰ দিশত আগবাঢ়ি যোৱাৰ সময়ত এই সফলতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ গোপাল আৰু তেওঁৰ দলটোৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

Comments (0)
Add Comment