ভাৰত আৰু ৰাছিয়াৰ মাজত শৈক্ষিক তথা বৈজ্ঞানিক সহযোগিতা বৃদ্ধিৰ বাবে ৰাছিয়াৰ যোস্কাৰ-ওলাৰত অৱস্থিত মাৰি ৰাজ্যিক বিশ্ববিদ্যালয় ভ্ৰমণ কৰে গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে। বিগত ২৭-৩০ অক্টোবৰলৈকে হোৱা এই ভ্ৰমণ কাৰ্যসূচীত দুয়োটা শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত এক বুজাবুজিৰ চুক্তি হয় । গিৰিজানন্দ বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন কোষৰ বিষয়া ড০ ডামিকিলালু আৰু ড০ ভৃগু কুমাৰ দাসেৰে গঠিত প্ৰতিনিধি দলটোক দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সহযোগিতামূলক গৱেষণাৰ নতুন সুযোগ বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হয় । এই ভ্ৰমণ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ এক বিস্তৃত কৌশলগত প্ৰচাৰৰ অংশ, য’ত ৰাছিয়াৰ অন্যান্য শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ সৈতে একাধিক চুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৰাছিয়ান ষ্টেট ইউনিভাৰ্চিটি ফৰ দ্য হিউমেনিটিজ (২০২৩ চনৰ ছেপ্টেম্বৰ মাহত স্বাক্ষৰিত) আৰু পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটি অৱ ৰাছিয়া (২০২৪ চনৰ এপ্ৰিল মাহত স্বাক্ষৰিত)। ভ্ৰমণৰ সময়ত প্ৰথমে এক চিনাকী পৰ্ব অনুষ্ঠিত হয়। এই অনুষ্ঠানত দুয়োখন বিশ্ববিদ্যালয়ে নিজ নিজ প্ৰতিষ্ঠানৰ শৈক্ষিক সমল, নিৰ্দিষ্ট বিভাগ সমূহৰ বিষয়ে উল্লেখ কৰে। ভ্ৰমণৰ সময়ত হোৱা বৈঠকত সমূহত ফাৰ্মাচিটিকেল চায়েন্স, জৈৱ চিকিৎসা গৱেষণা, অভিযান্ত্ৰিক, খাদ্য প্ৰযুক্তি, কৃষি, আৰু হিউমেনিটিজকে ধৰি বিভিন্ন ক্ষেত্ৰ সম্পৰ্কে আলোচনা কৰা হয়। বৈঠকৰ ফলত দুয়োটা প্ৰতিষ্ঠানৰ মাজত এক সহযোগিতাৰ ভেটি স্থাপন হয়। এই সহযোগিতাৰ ভিতৰত আছে যৌথ গৱেষণা প্ৰকল্প, ছাত্ৰ, অধ্যাপক আৰু শৈক্ষিক কাৰ্যসূচীৰ ভাগ-বতৰা। এই ভ্ৰমণৰ এটা মূল অংশ আছিল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে মাৰি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উন্নত পৰীক্ষাগাৰ আৰু বিভাগসমূহ দৰ্শন কৰা । তাত অধ্যাপকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি অসমৰ প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ আন্তঃশাখা গৱেষণা, উন্নত বৈজ্ঞানিক সুবিধা আৰু বিশেষকৈ চিকিৎসা আৰু প্ৰাকৃতিক বিজ্ঞান সম্পৰ্কে চলি থকা প্ৰকল্পসমূহৰ বিষয়ে অৱগত হয় । উল্লেখ্য যে ভ্ৰমণৰ সময়ত গিৰিজানন্দ চৌধুৰী স্কুল অৱ ফাৰ্মাচিউটিকেল চাইন্সেছ আৰু মাৰি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন আৰু জৈৱ চিকিৎসা বিভাগৰ সহযোগত আয়োজন কৰা এখন চমু আলোচনা চক্ৰও অনুষ্ঠিত হয় । আলোচনাচক্ৰত ডায়েবেটিছ আৰু কেন্সাৰৰ বাবে প্ৰাকৃতিক পণ্য গৱেষণা, ঔষধবিজ্ঞান, আৰু ঔষধ আৱিষ্কাৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যৌথ প্ৰকাশন আৰু সহযোগিতামূলক গৱেষণা পুঁজিৰ প্ৰস্তাৱৰ বিষয়েও গুৰুত্ব দিয়া হয় । ভ্ৰমণসূচীৰ অন্তিম দিনটোত ড০ ডামিকিলালু আৰু ড০ ভৃগু কুমাৰ দাসে মাৰি ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ আগত আধুনিক ফাৰ্মাক’লজীৰ সৈতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ একত্ৰীকৰণৰ সম্পৰ্কে এক ৰসগ্ৰাহী বক্তৃতা প্ৰদান কৰে। ভ্ৰমণসূচীৰ অন্তত দুয়োখন বিশ্ববিদ্যালয়ৰে দীৰ্ঘম্যাদী সহযোগিতাৰ বাবে দায়বদ্ধতা পোষকতা কৰা হয় ।এই ভ্ৰমণ আৰু আলোচনা সমূহ বিশ্বব্যাপী বৈজ্ঞানিক সহযোগিতাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ’ব।