ভূপেনদাৰ অমৃত সোঁৱৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক জীৱন যুঁজত আগুৱাই যোৱাত প্ৰেৰণা যোগায়- সুধাকণ্ঠ ড০ভূপেন হাজৰিকা সমন্বয় বঁটা অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া

অমৃত সোঁৱৰণে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক জীৱন যুঁজত আগুৱাই যোৱাত প্ৰেৰণা যোগায় ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰা সমন্বয় দিৱস উপলক্ষে ভূপেন হাজৰিকা সমন্বয় বঁটা আৰু ভূপেন হাজৰিকা হিতৈষী বঁটা প্ৰদান অনুষ্ঠানত অংশগ্রহণ কৰি সাংস্কৃতিক মন্ত্রী বিমল বড়াই এইদৰে কয়। ভূপেন হাজৰিকা দেৱ চিৰদিন মানুহৰ হৃদয় জীয়াই থাকিব বুলি উল্লেখ কৰি এজন মানুহৰ শযাত্ৰাত কিমান মানুহে অংশ গ্ৰহণ কৰিব সেয়া নিৰ্ভৰ কৰে তেওঁৰ কৰ্মৰ ওপৰত মন্ত্রী বড়াই লগতে কয়। ইয়াৰ পূৰ্বে মন্ত্রী বড়াই ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ২০২২বৰ্ষৰ বাবে আগবঢ়োৱা ভূপেন হাজৰিকা সমন্বয় বঁটা আৰু ভূপেন হাজৰিকা হিতৈষী বঁটা প্ৰদান কৰে ক্ৰমে মৰণোত্তৰ ভাৱে গোৱালপাৰীয়া লোক গীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱা আৰু চলচ্চিত্র পৰিচালক পুলক গগৈক।
উল্লেখ্য যে ভূপেন হাজৰিকাৰ জন্ম দিবসটি সমন্বয় দিৱস হিচাপে চৰকাৰী ভাৱে পালন কৰা আৰু ভূপেন হাজৰিকাৰ নামত এটা বঁটা প্ৰদান কৰাৰ বাবে সাংস্কৃতিক ন্যাসে এই অনুষ্ঠানতে মন্ত্রী বড়াক জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই মন্ত্রী গৰাকীয়ে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে৷

Comments (0)
Add Comment