মহানগৰীত আলি-আঃয়ৌ লৃগাঙৰ অনুষ্ঠান

কৃষিভূমিতেই আমাৰ কৃষ্টি সংস্কৃতিৰ সৃষ্টি হৈছে। কৃষ্টি সংস্কৃতি হ’ল কোনো এটা জাতিৰ সভ্যতাৰ আধাৰ তথা পৰিচয়। সেয়েহে নৱ প্ৰজন্মই সকলো পৰম্পৰা জীয়াই ৰাখিব লাগিব। তেহে বিশ্বত বৃহত্তৰ জাতি হিচাপে পৰিচয় দিব পাৰিম। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে মিচিং জনজাতিৰ কৃষি ভিত্তিক উৎসৱ আলি-আঃয়ৌ লৃগাঙত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সদৌ গুৱাহাটী মিচিং কৌবাঙৰ উদ্যোগত আৰু মিচিং দৃৰৱ কৌবাঙৰ সহযোগত শিল্পগ্ৰামত আয়োজিত অনুষ্ঠানটো আজিৰ দিনটো অৰ্থাৎ আলি-আঃয়ৌ লৃগাং পূৰ্ণ পৰ্য্যায় বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ কথা বিবেচনা কৰা হ’ব বুলি মত প্ৰকাশ কৰে লগতে Discovery of Assam শীৰ্ষক কাৰ্য্যসুচী হাতত লোৱাৰ কথা প্ৰকাশ কৰে। আনহাতে মাননীয় অসমৰ ৰাজ্যপাল গৰাকীয়ে অসমৰ সবাংগীন বিকাশ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে পৰম্পৰাগত তথা প্ৰাচীন লোক সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখি আয়োজকে এই অনুষ্ঠান আয়োজন কৰিছিল। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ মিচিং লোক নৃত্য, প্ৰদৰ্শন কৰাৰ লগতে জনজাতিটোৰ বিভিন্ন জীৱন প্ৰণালী লগত জড়িত সমল প্ৰদৰ্শিত কৰে। আজিৰ অনুষ্ঠানটো বহুকেইজন মন্ত্ৰী বিধায়কৰ লগতে সাংস্কৃতিক প্ৰেমী উপস্থিত আছিল।

Comments (1)
Add Comment
  • Anil Kumar Pegu

    বহুত বহুত ধন্যবাদ সংগীতা ৷ তুমি আলি-আঃয়ৗ লৃগাং উৎসৱ২০১৭ উদযাপনলৈ আহি সুন্দৰভাৱে খবৰবোৰ প্ৰচাৰ কৰিছা ৷ লৃগাঙলৈ আহিলে প্ৰতিজন আলহিকে মিচিং পৰম্পৰাগত খাদ্য সম্ভাৰেৰে উপচাই দিবলৈ আমি সদায় চেষ্টা কৰো ৷ পিছে এইবাৰ আমাৰ আলহি হৈ অসমৰ মুৰব্বি দুজনাই আহি গ’ল৷ ময়ো অলপ ব্যস্থ হৈ পৰিলো ৷ আচল কথাটো হ’ল তোমাক অলপ হ’লেও পুৰাং আপিন, য়ৗগদিন (গাহৰি মাংস), ঙচান (শুকান মাছ), পঃৰ আপং (চাই মদ) খোওৱাৰ ইচ্ছা আছিল৷ পিছত তোমাক বিচাৰিছিলো যদিও দেখা নাপালোগে ৷ পিছত এদিম খাম ৷ কথা দিলো ৷ এইবাৰ মিচিং মিপাগ (অ-মিচিং) সকলোৱে একেলগে লৃগাং চাবলৈ অহাটো এক উল্লেগযোগ্য সুপৰিবৰ্তন৷ পুনৰ ধন্যবাদ থাকিল৷