মহীয়সী  নাৰী সন্মানেৰে বিভূষিত ঢকুৱাখনাৰ লোক শিল্পী  মিনু দাস বৰা

মহীয়সী  নাৰী সন্মানেৰে বিভূষিত  ঢকুৱাখনাৰ লোক শিল্পী  মিনু দাস বৰা

লখিমপুৰ জিলাৰ  ঢকুৱাখনাৰ সমাজ জীৱনৰ এক চিৰ পৰিচিত নাম মিনু দাস বৰা । ঢকুৱাখনা  সংহত শিশু উন্নয়ন প্ৰকল্পৰ জ্যেষ্ঠ  মুখ্যসেৱীকা হিচাবে সেৱা আগবঢ়াই যোৱা  ৫ নং ৱাৰ্ডৰ নিবাসী শিক্ষক আনন্দ ৰাম বৰাৰ সহ ধৰ্মিনী  এইগৰাকী  অগ্ৰণী  কাব্য সাংস্কৃতিক সাধকে ২০২২ বর্ষৰ “মহীয়সী নাৰী” সন্মানেৰে বিভূষিত হৈ ঢকুৱাখনালৈ অনাবিল গৌৰৱ কঢ়িয়াই আনিছে ।  ৰাজ্যখনৰ  অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান নেৱকাছৰ তৰফৰ পৰা  মিনু দাস বৰালৈ এই বঁটা আগবঢ়োৱা হৈছে।  আন্তৰ্জাতিক নাৰী দিৱসৰ সতে সংগতি ৰাখি  নেৱকাছৰ উদ্যোগত  গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মিনু দাস বৰাই অসমীয়া লোক সংগীতৰ ওপৰত নিৰবিছিন্ন ভাবে চলাই অহা চৰ্চা আৰু অসমীয়া জাতীয় জীৱনৰ পৰা  লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰা আই নাম , দিহা নাম, হৰি নাম, লোক গীত , বিয়া নাম আদি  পৰম্পৰাগত লোকগীতৰ প্ৰসাৰ প্ৰচাৰত গ্ৰহণ কৰি অহা মুখ্য আৰু অগ্ৰণী ভূমিকাৰ বাবে সমাজ হিতৈষী সংগঠনটোৰ তৰফৰ পৰা আন্তৰ্জাতিক “মহীয়সী নাৰী” বঁটা ২০২২  প্ৰদান কৰে।   দ্বিতীয় বাৰ্ষিক “নেবকাছ আন্তঃৰাষ্ট্ৰীয় “মহীয়সী নাৰী” বঁটা  প্ৰাপক মিনু দাস বৰাই  উক্ত মনোজ্ঞ অনুষ্ঠানত অনুষ্ঠিত “কবিতাৰ মহামেল ” অনুষ্ঠানত অংশগ্ৰহণ কৰি “নাৰী তুমি ৰূপৰ পূজাৰী” শীৰ্ষক এটা স্বৰচিত কবিতা আবৃত্তি কৰে।  উক্ত মনোগ্ৰাহী আৰু সময়োপযোগী কবিতাৰ বাবে  দাস বৰাক “নেবকাছে” অন্য এক কাব্য বঁটা প্ৰদান কৰে । বঁটাত সম্বৰ্ধিত বৰা দাসে  এখন ফুলাম গামোচা , এটা  স্মাৰক , এখন  প্ৰশংসা পত্ৰ , এখন মানপত্ৰ  , এটা সোণৰ মেডেল লাভ কৰে । শিক্ষা জীৱনৰ পৰাই সাহিত্য সংস্কৃতিৰ সতে সম্পৃক্ত   বৰা দাসক “নেৱকাছ”ৰ সভাপতি গগনাষ্টম গগৈ  ,সাধাৰণ সম্পাদক বৰষা কাশ্যপৰ লগতে অন্যান্য সন্মানিত  ব্যক্তি সকলে  দাস বৰাৰ  এনে  লোক সংস্কৃতি আৰু লোক সাহিত্যৰ চৰ্চাৰে অসমীয়া জাতীয় চেতনা  উজ্জীৱিতকৰণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাৰ আহ্বান জনায় আৰু  এনে নিৰলস পদক্ষেপ অনুকৰণীয় আৰু প্ৰশংসনীয় বুলি সভাত মন্তব্য কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment