মাজুলীক বিশ্বদৰবাৰত স্বীকৃতি

অসমীয়া সংস্কৃতিৰ পীঠস্থান বুলিলে ঘাইকৈ মাজুলীৰ প্ৰসংগই মনলৈ আহে। মুখা শিল্পৰ পৰা আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিৰ পূৰ্বসুৰীৰ পৰম্পৰা আজিও বিৰাজমান। বিভিন্ন জাতি জনজাতিৰ স্বকীয় জীৱন শৈলী, সংস্কৃতিৰ বৈচিত্ৰ্যতাই মাজুলীক অন্যন্যা মাত্ৰা প্ৰদান কৰিছে। আটাইতকৈ ডাঙৰ কথা যে মাজুলীক বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ হিচাপে জনা যায়। আজিৰ পৰা কেইবছৰ আগলৈকে মাজুলীৰ মাটি কালি বৰ্ত্তমান মাটিকালি তুলনাত সৰ্বাধিক আছিল। ব্ৰক্ষ্মপুত্ৰৰ ব্যপক গৰাখহনীয়াৰ পৰিপ্ৰক্ষিতত বৰ্ত্তমান মাটিকালি পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে।
 
 

 
 
মাজুলীৰ সংস্কৃতিৰ, পৰম্পৰা ঐতিহ্যৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিদিনে বিভিন্ন দেশী বিদেশী পৰ্যটকৰ আগমন হয়।
 

 
মাজুলীৰ সুৰক্ষাৰ বাবে বিভিন্ন সময়ত দল সংগঠনে হাতত বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিলেও খহনীয়া ৰোধত সফল হ’ব পৰা নাই। অৱশ্যে শেহতীয়াকৈ মাজুলীয়ে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেৰ্কডছত স্থান লাভ কৰা খবৰে সকলোলৈকে আনন্দ বতৰা কঢ়িয়াই আনিছে। বিশেষকৈ সমূহ মাজুলীৰ কৃষক ৰাইজে স্বস্তিৰ নিশ্বাস লৈছে। কাৰণ কৃষিৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰা জনগণে খেতি- মাটি বানপানীয়ে প্লাৱিত হয় বাবে দুখ- কুলাই পাচিৰে নধৰা হয়।
 

 
আশা কৰা হৈছে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেৰ্কডছ অৰ্ন্তভুক্তিয়ে গৰাখহনীয়াৰোধ তথা মাজুলীৰ সুৰক্ষাত হাত আগবঢ়াব।

Comments (0)
Add Comment