মাতমৰাত মিচিং জাতীয় সংগঠনৰ ৪৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন  টাকাম মিচিং পৰিন কৌবাং , টাকাম মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং  মিমে কৌবাংৰ মাতমৰা আঞ্চলিক  সমিতিৰ সমূহৰ  যৌথ উদ্যোগত সোমবাৰে  অনুষ্ঠিত কৰা  হয় সম্বৰ্ধনা অনুষ্ঠান ।মাতমৰাৰ  অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত  বৃহত্তৰ মাতমৰা অঞ্চলৰ  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা  মুঠ ৪৫ গৰাকী মেধাবী  শিক্ষাৰ্থীৰ  সফল শৈক্ষিক যাত্ৰাত উদগনি দিয়াৰ মানসেৰে এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ।  অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক  শিক্ষক,শিক্ষাৰ্থী ,শিক্ষাব্রতী ৰাইজ ,অভিভাৱক উপস্থিত থকা  সভাত সভাপতিত্ব কৰে  ঢকুৱাখনা জিলা টি এম পি কেৰ সভাপতি বৃগেন  দলেয়ে । জাতীয় সংগঠনটোৰ  কেন্দ্ৰীয় সাংগঠনিক সম্পাদক   যতীন পেগুৰ আদৰণি ভাষনেৰে শুভ উদ্ধোধনী কৰা সম্বৰ্ধনা সভাত  সমল ব্যক্তি হিচাবে উপস্থিত থাকি মননশীল বক্তব্য ৰাখে টাকাম মিচিং ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক  ৰিদিপ জেক দলে ,
কেন্দ্ৰীয় সাহিত্য সম্পাদক চান পাংগিং, ঢকুৱাখনা জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং, আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা  প্ৰবীণ দলেয়ে । শিক্ষাবিদ দলেয়ে  সদ্য উত্তীৰ্ণ নৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ  পৰৱৰ্তী পাঠ্যক্ৰম নিৰ্বাচন সন্দৰ্ভত দিক নিৰ্দেশনা মূলক  বক্তব্য আগবঢ়াই সততে  লোক চক্ষুত নপৰা  বিভিন্ন  সম্ভাৱনা পূৰ্ণ আৰু  সন্মানজনক পাঠ্যক্ৰম সন্দৰ্ভত  বিশদ অবলোকণ কৰে। মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া  চান পাংগিংয়ে  শিক্ষাৰ্থী  সকলে জীৱনৰ লক্ষ্য উদ্দেশ্য সঠিক ভাবে নিৰ্বাচিত কৰি  কঠোৰ ,প্ৰত্যয়ী আৰু  প্ৰণালীবদ্ধ অধ্যয়নেৰে  কিদৰে লক্ষ্য প্ৰাপ্তি সম্ভৱ তাৰ ওপৰত  সূক্ষ্মাতি সুক্ষ্ম বিশ্লেষণ আগবঢ়াই।  তেওঁ  প্ৰকৃত মানৱ সম্পদ হিচাবে নিজকে প্ৰতিষ্ঠা কৰিবলৈ   কিদৰে  অধ্যয়ন কৰিব লাগে ,আত্মবিশ্বাস কিদৰে গঢ়িব লাগে তাৰ ওপৰত  বিশ্বৰ বৰেণ্য  বিজ্ঞানী সকলৰ  উদ্ধৃতিৰে গৱেষণা লব্ধ বক্তব্য ৰাখি উপস্থিত সকলোকে উপকৃত কৰে।
বিশিষ্ট শিক্ষাবিদ তথা  অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগু,অৱসৰী অধ্যক্ষ বিশ্ব নাথ পেগুৱেও  সভাত শুভেচ্ছা মূলক বক্তব্য ৰাখে।  শিক্ষক  অশোক দলে, এম এম কেৰ কেন্দ্ৰীয় বিষয়
ববীয়া ইন্দ্ৰ কুমাৰ চুংক্ৰাং ,খনীন্দ্ৰ মেদক , যতীন পেগু ,  জিলা নেতৃবৰ্গ দ্বীপেন দলে , দীপাঞ্জল দলে ,ৰাজীৱ দলে , মোহন পেগু ,পূৰ্ণিমালা কুম্বাং , ভীষ্ম কুমাৰ চুংক্ৰাং , কাশ্মিৰীকা দলে  ,আঞ্চলিক নেতৃবৰ্গ  ৰাজকুমাৰ পেগু , সৰ্বেশ্বৰ দলে , ৰোহিত দলে ,মনোজ দলে , নৰেন পেগু , জৱা ৰাণী দলে , পুষ্প লতা পেগু আদি উপস্থিত থকা সভাত  কৃতিমান  শিক্ষাৰ্থী সকলক গামোচা ,অভিনন্দন আৰু সম্বৰ্ধনা পত্ৰ প্ৰদানেৰে মান্যতা প্ৰদান কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment