মিনি এম্বুলেন্স সাজি উলিয়াইছে এইজন ব্যক্তিয়ে

এজন মানৱদৰদী লোক। নাম তেওঁৰ গজেন চন্দ্ৰ কলিতা। ঘৰ দক্ষিণ কামৰূপৰ ধাৰাপুৰৰ ধোপৰতলত। লোকজনে সাজি উলিয়াইছে এখন মটৰ চাইকেল এম্বুলেন্স। নিজৰ মটৰ চাইকেল খনৰ লগত ট্ৰল সংযোগ কৰি মিনি এম্বুলেন্স সাজিছে লোকজনে। তেখেতে চুবুৰীয়াৰ সহায় হোৱাকৈ বিনামূলীয়াকৈ হাস্পতাললৈ ৰোগী কঢ়িয়াই নিয়ে । ব্যক্তি জনৰ এই প্ৰচেষ্টা এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

গজেনে এই বাইক এম্বুলেন্সখনৰ অনুমতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ পাছত মাত্ৰ দুই দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা উত্তৰ আহিছে। বিষয়টো অসম চৰকাৰক গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে। এনেদৰে এতিয়া গজেন চন্দ্ৰ কলিতাৰ এই মিনি এম্বুলেঞ্চে ব্যাপক সমাদৰ লাভ কৰিছে।

Comments (0)
Add Comment