অসমৰ গ্ৰাম্যাঞ্চলত বাস কৰা মহিলা সকলৰ মাজত আত্ম সহয়াক গোট গঠনৰ জৰিয়তে তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থাৰ উন্নয়ন ঘটোৱাত মূল ভুমিকা গ্ৰহণ কৰি অহা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ অনুষ্ঠান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত চয়ানী বৰদুৱাৰ উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু ত্ৰিনয়ন ,সাৰথি আৰু সুকন্যা মণ্ডল পৰ্য্যায় সংগঠনৰ সহযোগত আজিৰে পৰা কামৰূপ জিলাৰ মিৰ্জাৰ দুৰ্গা পূজা মণ্ডপত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ভোগালী মেলা ।অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চায়ানী বৰদুৱাৰ প্ৰকল্পৰ অধীনস্থ বিভিন্ন গাঁও পঞ্চায়ত এলেকাধিন আত্ম সহায়ক গোট সমূহৰ উৎপাদিত পিঠা – পনাকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী , হস্ত তাঁত বস্ত্ৰ , আঁ অলংকাৰ , ফুলৰ পুলি ,বাঁহ বেতৰ সামগ্ৰী আদি সামগ্ৰীৰে উপচি পৰা এই মেলাৰ আজি দিনৰ প্ৰায় দহ বজাত শুভ উদ্বোধন কৰে কামৰূপ জিলাৰ চয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উষা ডেকাই । এই উপলক্ষ্যে আয়োজিত উদ্বোধনী সভাত ভাষণ দি উদ্বোধক উষা ডেকাই দিয়া ভাষণত এই মেলা খনে এফালে যিদৰে আত্ম সহায়ক গোট বোৰৰ উৎপাদিত সামগ্ৰী বিলাক বিক্ৰীৰ পথ প্ৰশস্ত কৰিব আনফালে তেনেদৰে ৰাইজে ভোগালী বিহুৰ বাবে প্ৰয়োজনীয় নিৰ্ভেজাল পিঠা পনা নিয়ন্ত্ৰিত মূল্যত ক্ৰয় কৰিবলৈ পাব বুলি আশা প্ৰকাশ কৰে । খণ্ড উন্নয়ণ বিষয়া গৰাকীৰ উপৰিও উদ্বোধনী সভা খনত কোছপাৰা আঞ্চলিক পঞ্চায়ত সদস্য সিদ্ধেশ্বৰ কুমাৰ , ছয়ানী বৰদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাগ্য লক্ষ্মী তালুকদাৰ , মিৰ্জা আঞ্চলিক দুৰ্গা পূজা সমিতিৰ সভাপতি ৰাজেন কুমাৰ মেধি , গ্ৰামীণ জীৱিকা অভিযানৰ চয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড প্ৰকল্প বিষয়া অনুজা বৰ্মন হালৈ , সমাজ কৰ্মী মৰমী দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে আবেলি প্ৰদৰ্শনী স্থলীত মুখ্য অতিথি হিচাপে উপস্থিত হয় স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া । তেওঁ কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে লোৱা পদক্ষেপৰ ফলত গ্ৰাম্যাঞ্চলত মহিলা সকলৰ আর্থ সামাজিক দিশৰ দ্ৰুত গতিত উন্নয়ন সাধন হৈছে । উল্লেখনীয় যে অহা বুধবাৰে সন্ধিয়া এই ভোগালী মেলা সামৰণি পৰিব।
বাতৰি যুগুতালে জিতুমণি দাসে..
মিৰ্জাত আত্ম সহায়ক গোটৰ ভোগালী মেলা অনুষ্ঠিত
