দক্ষিণ কামৰূপৰ ড০ মামণি ৰয়চম গোস্বামী চ’ক মিৰ্জাত আজি প্ৰতিবন্ধী দিব্যাংগ সন্থাৰ উদ্যোগত আন্তজাৰ্তিক দিব্যাংগ দিৱস পালন কৰা হয়। এই বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জগেশ চন্দ্ৰ কলিতাৰ পৌৰহিত্যত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰধান শিক্ষক অনিল কলিতাই ভাষণ প্ৰসঙ্গত দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এই সকলক স্বাবলম্বনৰ পথ মুকলি কৰি দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। সাংবাদিকদ্বয় বিশ্বজিৎ কলিতা, নীৰেন চন্দ্ৰ মালী, সমাজকৰ্মী চন্দ্ৰধৰ কলিতা আৰু নিবন্ধকাৰ তথা কবি প্ৰসেনজিৎ কলিতাই দিব্যাংগ সকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে। ইয়াৰ পূৰ্বে পুৱা ৯ বজাত প্ৰতিবন্ধী কল্যাণ সন্থাৰ সভাপতি ধনেশ্বৰ কলিতাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
মিৰ্জাত আন্তজাৰ্তিক দিব্যাংগ দিৱস পালন
