মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে ৰিতুল শইকীয়াৰ পত্নীয়ে

অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নী আৰু ভাতৃয়ে কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক মাজুলীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰি তেখেতক উদ্ধাৰৰ বাবে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়।
সাক্ষাৎ কালত মুখ্যমন্ত্ৰী ড: শৰ্মাই অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পৰিয়ালৰ সদস্য সকলক আশ্বাস প্ৰদান কৰে। সাক্ষাৎ কালত তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা উপস্থিত থাকে।মুখ্যমন্ত্ৰীক সাক্ষাৎৰ পিছত সাংবাদিকৰ আগত ৰিতুল শইকীয়াৰ পত্নীয়ে কয় যে- মুখ্যমন্ত্ৰীয়ে আমাক কৈছে ম্যানমাৰত ৰিতুল কুশলে আছে।আমি আশাবাদী মুখ্যমন্ত্ৰী গৰাকীয়ে মোৰ স্বামীক উদ্ধাৰ কৰাত সহায় কৰিব।

Comments (0)
Add Comment