মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা

উত্তৰ অসমৰ এখন গৰিমামণ্ডিত উচ্চ শিক্ষা প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধেমাজি জিলাৰ এই মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ কাৰ্যশালা।
মহাবিদ্যালয় প্ৰেক্ষাগৃহত “One Nation One Subscription (ONOS)” আৰু “Use of Generative AI for Education and Research” বিষয়ক এখন এদিনীয়া কাৰ্যশালা সোমবাৰে অনুষ্ঠিত হয়।মৰিধল মহাবিদ্যালয়, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিয়ন্ত্ৰন কোষ আৰু অসম কলেজ গ্ৰন্থাগাৰিক সংস্থা (Assam College Librarians’ Association ACLA), ধেমাজি ,লাখিমপুৰ আৰু মাজুলী মণ্ডলৰ সহযোগত আয়োজন কৰা হয় এই মনোজ্ঞ কাৰ্যশালা ।

তিনিওখন জিলাৰ গৰিষ্ঠ সংখ্যক মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিকৰ লগতে মৰিধল মহাবিদ্যালয়ৰ শিক্ষক সকলেও অংশগ্ৰহণ কৰা কৰ্মশালাখন আদৰণি ভাষণেৰে উদ্ধোধন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপেন শইকীয়াই।
গ্ৰন্থাগাৰিক সংস্থাৰ হৈ অভ্যাগত সকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই ধেমাজি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰীক ড° লাৱন্য হাজৰিকাই।মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু
অসম কলেজ গ্ৰন্থাগাৰিক সংস্থাৰ উপ সভাপতি গুণীন কুমাৰ দত্ত আৰু চিলাপথাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক আৰু আঞ্চলিক সমন্বয়ক সুনীল টাইডৰ সমন্বয়তাত অনুষ্ঠিত জনাকীৰ্ণ মননশীল অনুস্থানত উপস্থিত থাকে মৰিধল মহাবিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক তপন কুমাৰ চুতীয়া, আভ্যন্তৰীণ মান নিয়ন্ত্ৰন কোষৰ সমন্বয়ক ড° জয়ন্ত দত্ত, শিক্ষক গোটৰ সম্পাদক ড° জোনালী বৰুৱাকে ধৰি বহু কেইগৰাকী জ্যেষ্ঠ শিক্ষাবিদ।
কাৰ্যশালাৰ মূল সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত গৱেষণালব্ধ বক্তব্য আগবঢ়াই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° নিখিল হাজৰিকা আৰু অসম কলেজ গ্ৰন্থাগাৰিক সংস্থা (ACLA) ৰ সাধাৰণ সম্পাদক তথা কলিয়াবৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° বিৰেন্দৰ পালে।বিয়লি সফল সামৰণি পৰা মনোজ্ঞ কৰ্মশালা খন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৰে উৎসাহপূৰ্ণ উপস্থিতি আৰু সহযোগিতাৰ বাবে আয়োজক মৰিধল মহাবিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক গোট, আভ্যন্তৰীণ মান নিয়ন্ত্ৰন কোষ ,অসম মহাবিদ্যালয় গ্ৰন্থাগাৰীক সংস্থাৰ তৰফৰ পৰা ধেমাজি ,লখিমপুৰ, মাজুলী মণ্ডলৰ সকলো অংশগ্ৰহণকাৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment