যক্ষ্মাৰোগ নিৰ্মূলকৰণৰ বৈঠক

যক্ষ্মা নিৰ্মূলকৰণৰ দিশত বিভিন্ন বহুমুখী সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে আজি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণৰ কামৰূপ জিলা স্বাস্থ্য সমিতিৰ এক বৈঠক কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালৰ সভাকক্ষত অনুষ্ঠিত হয়। উক্ত বৈঠকত জিলাখনত ২০২৫ চনৰ ভিতৰত যক্ষ্মা নিৰ্মূলকৰণৰ বিভিন্ন দিশ সম্পৰ্কে তথা এই ক্ষেত্ৰত স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন বিভাগ আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংঘবদ্ধ প্ৰচেষ্টাৰ ওপৰত আলোচনা কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২৫ বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষত যক্ষ্মা নিৰ্মূৰলকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই ক্ষেত্ৰত বিভিন্ন খণ্ডৰ সামূহিক দায়বদ্ধতা তথা সহযোগিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।
কামৰূপ জিলাৰ জিলা যক্ষাৰোগ নিৰ্মূলকৰণৰ সমন্বয়ক বিপুল ডেকাই আদৰণি ভাষণ প্ৰদান কৰা উক্ত বৈঠকত ৰাজ্যিক যক্ষ্মা কোষৰ সমন্বয়ক ডাঃ সীমান্ত বৰাই যক্ষ্মাৰোগৰ সংক্ৰমণ, চিনাক্তকৰণ, সামূহিক দায়বদ্ধতা ইত্যাদিৰ বিভিন্ন দিশ সামৰি এক বিস্তৃত প্ৰেজেন্টেশ‍্যন আগবঢ়ায়। বৈঠকত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গুণীন্দ্ৰ নাথ দেৱ শৰ্মাকে ধৰি স্বাস্থ্য, শিক্ষা তথা অন্যান্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment