গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ অৱ প্ৰেক্টিছ , বিশিষ্ট পৰিৱেশবিদ ডঃ বিভৱ কুমাৰ তালুকদাৰে লণ্ডনৰ সন্মানীয় ‘লিনিয়ান ছ’চাইটি’ৰ ফেল’ (এফ এল এছ) হিচাপে নিৰ্বাচিত হৈ বিশ্ববিদ্যালয়খনৰ লগতে সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰাকৃতিক ইতিহাস আৰু জীৱ বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক বিশ্বৰ অন্যতম সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় সন্মান বুলি গণ্য কৰা হয়। এই বিৰল কৃতিত্বৰ বাবে আজি বিশ্ববিদ্যালয়খনৰ আজাৰা চৌহদত ডঃ তালুকদাৰক উষ্ম সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ১৭৮৮ চনতে স্থাপিত হোৱা লণ্ডনৰ লিনিয়ান ছ’চাইটি হৈছে জীৱ বিজ্ঞানৰ বিশ্বৰ আটাইতকৈ পুৰণি সক্ৰিয় অনুষ্ঠান। এই অনুষ্ঠানে প্ৰাকৃতিক ইতিহাস, জীৱ জগতৰ বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ বিষয়ে গৱেষণা আৰু জ্ঞান বিস্তাৰৰ কাম কৰে। যিসকল ব্যক্তিয়ে জীৱবিজ্ঞান আৰু প্ৰকৃতিৰ ক্ষেত্ৰত বিশেষ আৰু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়, তেওঁলোককহে এই সন্মানীয় ফেলশ্বিপ প্ৰদান কৰা হয়। সেয়েহে এই সন্মান লাভ কৰাটো যিকোনো শিক্ষাবিদ বা বিজ্ঞানীৰ বাবে এক অতি ডাঙৰ গৌৰৱৰ কথা।
ডঃ তালুকদাৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বন্যপ্ৰাণী আৰু পৰিৱেশ অধ্যয়ন কেন্দ্ৰৰো এজন সন্মানীয় সদস্য। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ সুদীৰ্ঘ অভিজ্ঞতা, দূৰদৰ্শী নেতৃত্ব আৰু একনিষ্ঠ প্ৰচেষ্টাই ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু প্ৰকৃতিপ্ৰেমীসকলক সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ এই উল্লেখযোগ্য অৱদানে বিশ্ববিদ্যালয়খনৰ পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যক অধিক শক্তিশালী কৰি তুলিছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই অসামান্য স্বীকৃতিৰ বাবে সমগ্ৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় পৰিয়ালে অতিকৈ গৌৰৱ অনুভৱ কৰিছে। এই বিৰল সফলতাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ডঃ বিভৱ কুমাৰ তালুকদাৰলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।