লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

লায়ন্স ক্লাব অৱ গুৱাহাটী চিটিয়ে পল্টন বজাৰ বিষ্ণু জ্যোতি সংঘৰ সহযোগত আজি পল্টন বজাৰত স্থায়ী বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ পুনৰ আৰম্ভ কৰে।
আনহাতে ক্লাৱৰ ডিষ্টিক্ট গৱৰ্ণৰ লায়ন বি এছ ৰাথোড়ৰ উপস্থিতিত স্বাস্থ্য পৰীক্ষা শিবিৰৰ শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাইছ ডিস্ট্রিক্ট গৱৰ্ণৰ লায়ন সীমা গোৱেংকা, ৩১ নং ৱাৰ্ডৰ কাউন্সিলাৰ অধ্যাপক ৰত্না সিং, বিষ্ণুজ্যোতি সংঘৰ সভাপতি হেমন্ত কলিতা, ক্লাবৰ সভাপতি লায়ন দীপিকা আগৰৱালাৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানত ভাগ লৈ প্ৰজেক্ট চেয়াৰমেন লায়ন বিনোদ লোহিয়াই কয় ক্লাবটোৱে ১৯৯৫ চনতে এই শিবিৰ আৰম্ভ কৰি প্রায় ২৫ বছৰ ধৰি দৰিদ্ৰ লোকৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছিল, অৱশ্যে তাৰ পিছত কভিড, চিকিৎসকৰ নাটনি , আদিকে ধৰি বিভিন্ন কাৰণত শিবিৰটো বন্ধ হৈ আছিল। আজি ১১ ডিচেম্বৰৰ পৰা এই স্থায়ী বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো পুনৰ আৰম্ভ কৰা হৈছে। প্ৰতিমাহৰ প্ৰথম আৰু তৃতীয় দেওবাৰে ডাঃ ডন পোলে আৱশ্যকীয় ব্যক্তি সকলৰ স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ক্লাবে দৰিদ্ৰ ব্যক্তিক বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰিব । গুৱাহাটীৰ ছাত্রিবাৰীস্থিত লায়ন্স আই হাস্পাতালত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হব। আনহাতে শিবিৰৰ প্ৰথম দিনত প্ৰায় ২০জন ৰোগীক পৰীক্ষা কৰা হয় আৰু তেওঁলোকক ঔষধো বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানত লায়ন বিকাশ আগৰৱালা, লায়ন সুশীল আগৰৱালা, লায়ন বিনোদ লোহিয়া, লায়ন অশোক কেDৱাগী, লায়ন নির্মল শ্যামসুখা, লায়ন ডাঃ জে পি মৌৰ, লায়ন সঞ্জয় সোণখালিয়া, লায়ন সঞ্জয় সাংগেনেৰিয়া, লায়ন বিকাশ গুপ্তাৰ লগতে ক্লাবৰ সদস্যসকল উপস্থিত থাকে আৰু শিবিৰটো সুচাৰুৰূপে পৰিচালনাত সহায় সহযোগ কৰে।

Comments (0)
Add Comment