লুলুম জলপ্ৰপাত এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, কিন্তু ক’ত আছে এই জলপ্ৰপাত

গৰমৰ দিনকেইটাত‌ নিৰিবিলি প্ৰকৃতি পৰিৱেশৰ মাজত কটোৱা আমেজেই সুকীয়া। তেনে এটা পৰিবেশৰ সাক্ষী হলো অৰুণাচলত । অৰুনাচল প্ৰদেশৰ কামেং নদীৰ পাৰত তথা টিপ্পীত অৱস্থিত জলপ্ৰপাতৰ নাম লুলুম ।জানিব পৰা মতে এই জলপ্ৰপাতটো অকা ৰানী লুলুমৰ নামেৰে নামাকৰন কৰা হৈছে।এই জলপ্ৰপাতটো চাবলৈ এতিয়া আগমন ঘটিছে বহু পৰ্যটকৰ । ভালুকপুঙৰ অসমৰ সীমাৰ পৰা প্ৰায় ২০ কি.মি. নিলগত অৰুনাচল প্ৰদেশৰ টিপ্পিত অৱস্থিত এই জলপ্ৰপাতটো এতিয়া সকলোৰে বাবে অৱসৰ বিনোদনৰ এক মনোমোহা ঠাইত পৰিণত হৈছে । প্ৰতি দিনে এই জলপ্ৰপাতটোলৈ আগমন ঘটিছে শ-শ লোকৰ । জলপ্ৰপাতৰ পৰা পানী গৈ পৰে কামেং নদীত পৰিছে। এই জলপ্ৰপাতটোত এই মনোমোহা পৰিবেশৰ মাজত কিছু সময় কটালে দেহৰ পৰা আঁতৰ হয় সকলো অৱসাদ যাৰ বাবে অসমৰ পৰা প্ৰতিদিনে এই লুলুম জলপ্ৰপাতলৈ শ শ লোকৰ আগমন হয় ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment