লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালা সম্পন্ন

টিহু হাটখলাৰ ৰাস মণ্ডপথলীত সাধনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসমৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কামৰূপী লোকগীত আৰু জ্যোতিসংগীতৰ কৰ্মশালাখন আজি সম্পন্ন হয়।কৰ্মশালাখন শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মীনা তালুকদাৰে।
পৰিচালনা কৰে সাধনা সাহিত্য গোষ্ঠীৰ সম্পাদক অলকা বুজৰ বৰুৱাই।

কামৰূপী লোকগীতৰ এ গ্ৰেড অনাতাঁৰ শিল্পী ডম্বৰুধৰ পাঠক আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ কামৰূপী লোকগীতৰ চিনিয়ৰ ফেল’ তুতুল মানৱে কামৰূপী লোকগীতৰ আনহাতে জ্ঞানম সংগীত একাডেমিৰ অধ্যক্ষ কাকলি দাসে জ্যোতিসংগীতৰ প্ৰশিক্ষক হিচাপে আৰু বিশিষ্ট বাদক অৰূপ কলিতা আৰু ভূপেন দাসে এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে ভাগ লয়।

কৰ্মশালাত অঞ্চলটোৰ প্ৰায় পঞ্চাছগৰাকী শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে।এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া বিশিষ্ট অতিথি হিচাপে ভাগ লোৱা অনুষ্ঠানটোত জনপ্ৰিয় সংগীত শিল্পী হেমন্ত তালুকদাৰ, নিৰঞ্জন দাস, জিজ্ঞাসা কাশ্যপ, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতিভা দেৱী, সমাজকৰ্মী শংকৰ কুমাৰ দাস,নীলিমা দেৱী ভাগৱতী,যুৱ ৱ্যৱসায়ী পাৰ্থপ্ৰতিম তালুকদাৰ সুশীল দাস প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থাকি শুভেচ্ছা জনায়।

Comments (0)
Add Comment