উত্তৰ পূবৰ প্ৰথমটো আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ এক নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থা কাৰ্যক্ষম কৰি তোলা হৈছে। এই আধুনিক ব্যৱস্থাৰ সহায়ত ৰানৱে অভিমুখী পাইলটসকলে স্পষ্টভাৱে দূৰলৈ দেখা পোৱাৰ ফলত প্ৰতিকূল বতৰতো বিমান চলাচল প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে অব্যাহত থাকিব। গুৱাহাটীত প্ৰায়েই ধাৰাষাৰ বৰষুণ আৰু ঘন কুঁৱলীৰ প্ৰত্যাহ্বানে বিমান চলাচলক প্ৰভাৱিত কৰে। নতুনকৈ কাৰ্যক্ষম কৰা এই নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাই বিমানবন্দৰৰ অৱতৰণমুখী আলোক সজ্জাৰ পৰিসৰ পূৰ্বৰ ১৮০ মিটাৰৰ পৰা ৫৭০ মিটাৰলৈ বৃদ্ধি কৰিছে হৈছে । এই ব্যৱস্থাই বিমান অৱতৰণৰ সময়ত পাইলটসকলক বহু আগতীয়াকৈ ৰানৱে আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ স্পষ্টকৈ চিনাক্ত কৰাত সহায় কৰে। ই ৰানৱেৰ প্ৰধান ৰেখাৰ সৈতে বিমানখন সম্পূৰ্ণ পোন আৰু সঠিক দিশত ৰাখি অৱতৰণ কৰোৱাত সহায় কৰে। বিমানবন্দৰ কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি বিমান পৰিবহণৰ সুৰক্ষা আৰু নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ নীতি-নিৰ্দেশনা অনুসৰণ কৰি এই প্ৰকল্পটোৰ বাবে ব্যাপক পৰিকল্পনা যুগুত কৰা হৈছিল আৰু ইয়াৰ সংস্থাপন, সূক্ষ্মতা পৰীক্ষা, পৰীক্ষামূলক চালন তথা আনুষ্ঠানিক শুভাৰম্ভৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰা হয়। বিমানৰ সুৰক্ষিত অৱতৰণৰ সময়ত পাইলটে অবিৰতভাৱে সঠিক পথৰ সংকেত লাভ কৰিবলৈ এই আলোকসজ্জ্বাৰ আন্তঃগাঁথনি, ইয়াৰ বিদ্যুৎ পৰিচালনা ব্যৱস্থা আৰু ফট’মেট্ৰিক কাৰ্যক্ষমতাক অত্যন্ত সূক্ষ্মভাৱে অভিযান্ত্ৰিক ৰূপ দিয়া হৈছে । এই ব্যৱস্থাৰ ফলত বেয়া বতৰতো বিমান চলাচল অব্যাহত থাকিব পাৰিব আৰু যাত্ৰীসকল হাৰাশাস্তিৰ পৰা ৰক্ষা পৰিব । ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ এই নতুন নিখুঁত বিমান অৱতৰণ আলোক ব্যৱস্থাৰ শুভাৰম্ভই প্ৰমাণ কৰে যে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ বিমান সুৰক্ষা, পৰিচালনা দক্ষতা আৰু নিৰ্ভৰযোগ্য যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে বিমানবন্দৰ কৰ্তৃপক্ষই আন্তঃগাঁথনিৰ উন্নয়নত ধাৰাবাহিকভাৱে বিনিয়োগ কৰি আহিছে। আনহাতে বিমানবন্দৰৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে যাত্ৰীসকলৰ লগতে সহযোগী বিমান প্ৰতিষ্ঠানসমূহৰ বাবে এক সুৰক্ষিত, সুচল আৰু নিৰ্ভৰযোগ্য ভ্ৰমণ সেৱা সুনিশ্চিত কৰাৰ দিশত আমি সদায় দায়বদ্ধ।