শিক্ষক দিৱসৰ দিনাই বিশেষভাৱে চৰ্চালৈ আহিছে চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ বালিজুৰী প্ৰাথমিক বিদ্যালয়

আজি পবিত্র শিক্ষক দিৱস। গুৰু বন্দনাৰে মুখৰিত আজি দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান । তাৰ মাজতে চতিয়া সমষ্টিৰ অন্তৰ্গত এখন বিদ্যালয় পবিত্র দিনটোতে আহিছে বিশেষ চৰ্চালৈ । ১৯৫৮ চনতে স্থাপিত হোৱা উত্তৰ বালিজুৰী প্ৰাথমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে আঠ গৰাকীকৈ শিক্ষাৰ্থীয়ে ।আজি শিক্ষক দিৱসৰ দিনটোতে ২০১৯ বৰ্ষত বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আঠ গৰাকীকৈ শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱলাল শৰ্মাই। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৰফৰ পৰা প্ৰেৰণ কৰা পাঁচ হেজাৰ টকাৰ চেক আজি চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আঠ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰে । ইয়াৰোপৰি ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত বুনিয়াদৰ তৰফৰ পৰা সভাপতি লক্ষীকান্ত বৰাই চাৰিগৰাকী কৃতি শিক্ষকক অসমীয়াৰ জাতীয় স্বাভীমান ফুলাম গামোছা, প্ৰশংসা পত্ৰ,শৰাই আৰু এখনি কিতাপৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানত বিদ্যালয়ৰ পৰিচালনা সমিতি, বুনিয়াদৰ সদস্যসকল, খণ্ড সমল কেন্দ্ৰ সমন্বয়কৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Comments (0)
Add Comment