শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ-উদ্যোগ মন্ত্ৰী বিমল বৰাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়া মুষলধাৰ বৰষুণৰ ফলত কেবা খন জিলাত নৈ সমূহৰ বাঢ়নীপানীয়ে ভয়াবহ বানপানীৰ সৃষ্টি কৰাৰ ফলত ৰাইজৰ লগতে পশু ধনৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে। অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে আজি উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰমন্ত্ৰী বিমল বড়াই শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ নিৰ্দেশ দিয়ে। উদ্যোগ মন্ত্ৰী বড়াই জিলা জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ,চক্ৰ বিষয়া চিন্ময় স্মৃতাকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ সৈতে দিচাংমুখৰ আলিচিগাত বান পৰিস্থিতি বুজ লোৱাৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিতৰণ কৰা বান সাহায্য পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে।

ইয়াৰ পাছতে মন্ত্রী গৰাকীয়ে জিলাখনৰ লিগিৰিবাৰী, অফলা, জগৰাহাবি, মামলমাৰী, গুৱাল গাওঁ(সৰাগুৰি),চৰাই পৰা আদি অঞ্চল ভ্ৰমণ কৰি শিৱসাগৰ নগৰৰ ক্ৰমে ১,৯আৰু ১০ নং ৱাৰ্ডৰ বানৰ পৰিস্থিতিৰ বুজ লয়।ইপিনে ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত কলৌলোৱা দেউৰী গাঁৱত বাঢ়নী পানীয়ে মথাউৰিৰ কিছু ক্ষতি কৰাৰ খৱৰ পোৱাৰ লগে- লগে কালি মাজ নিশাই স্হানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষয় ক্ষতিৰ তাৎক্ষণিকভাৱে সমাধান কৰাৰ প্ৰয়াস কৰে।লগতে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈও আহ্বান জনায়। পৰ্যবেক্ষণ কালত মন্ত্ৰী গৰাকীৰ সৈতে বিভিন্ন দলীয় কৰ্মকৰ্তা বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত আছিল।
ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে সমষ্টিটোৰ ন-খাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত শলগুৰিত উপস্থিত হৈ স্হানীয় লোক , দলীয় কৰ্মকৰ্তা আৰু বিষয়া কৰ্মচাৰীৰ সৈতে বুঢ়ীদিহিঙৰ পানীয়ে যাতে জনসাধাৰণক বিপদাপন্ন কৰিব নোৱাৰে তাৰ বাবেতাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে।
নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়ীদিহিঙৰ পানী যথেষ্ট পৰিমাণে উফন্দি উঠাৰ বাবে ৰাইজ শংকিত হৈছে। এই পৰিস্থিতিত ৰাইজক শংকিত নহ’বলৈও মন্ত্ৰীবড়াই আহ্বান জনায়।সাম্প্ৰতিক বান পৰিস্থিতিত সমষ্টিৰ কেইবাটাও ঠাইৰ লগতে ধমন গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঁচা বিল গাৱঁত যথেষ্ট লোক বানত ক্ষতিগ্ৰস্ত হৈছে। উক্ত স্থানত দলীয় কৰ্মকৰ্তা আৰুবিষয়া কৰ্মচাৰী সকলৰ সৈতে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অনাগত সময়ত গ্ৰহণকৰিবলগীয়া পদক্ষেপ সমূহ পৰ্যবেক্ষণ কৰ।পৰিদৰ্শন কালত দুৰ্যোগ ব্যবস্থাপনা,জলসম্পদ, লোকনিৰ্মাণ আদি বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছিল।

Comments (0)
Add Comment