“প্ৰকৃতিয়ে আমাৰ পৰা কাৰ্বনডাই অক্সাইড লৈ আমাক অক্সিজেন দি আছে সেই কথা জনাটোৱেই প্ৰকৃতি চেতনা থকা নুবুজায়। গছ-লতা, তৰু-তৃণ, চৰাই-চিৰিকতিকে ধৰি বিভিন্ন জীৱ-জন্তু আৰু এইবোৰৰ জীৱনধাৰনৰ কথা জানিবলৈ যিমানে চেষ্টা কৰিম সিমানে প্ৰকৃতিৰ লগত আমাৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিব। প্ৰকৃতিৰ লগত মানৱজাতিৰ আত্মিক সম্পৰ্কৰ গভীৰতাতহে প্ৰকৃতি সংৰক্ষণ সম্ভৱ” – শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰত আজি অনুষ্ঠিত “পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন” উদ্বোধন কৰি ৰাজ্যৰ শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। ব্যতিক্ৰমী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি পিতৃ-মাতৃয়ে সন্তানক ভৰণপোষণ দিয়াৰ দৰে প্ৰকৃতিয়ে মানৱজাতিক অহৰহ সুৰক্ষা দি থকা বুলি কৈ এটা সময়ত সন্তানে অভিভাৱকৰ দায়িত্ব লোৱাৰ দৰে প্ৰকৃতিক প্ৰতিপালন কৰাৰ দায়িত্বও মানৱজাতিৰ বুলি মন্তব্য কৰি প্ৰকৃতি সাহিত্যক অধিক গতিশীল কৰি প্ৰকৃতি সুৰক্ষাৰ চেতনা সৰ্বত্ৰে গঢ়ি তুলিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে নতুন প্ৰজন্মৰ লেখকসকলৰ প্ৰতি আহ্বান জনায়।
উল্লেখ্য যে, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে বিশেষভাৱে সমাদৃত অথচ অসমত এতিয়ালৈকে বিশেষভাৱে চৰ্চালৈ নহা “প্ৰকৃতি সাহিত্য”ক অধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ইয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সঙ্গতি ৰাখি আজি দিনজোৰাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত অনুষ্ঠিত আলোচনা-চক্ৰৰে অনুষ্ঠিত হয় পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন। আজি শনিবাৰে ৰাতিপুৱা ৮ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্বাৱধানত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰাৰ পিছতে ১০.৩০ বজাত পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। মঞ্চত অসমসঙ্গীত বাজি উঠাৰ পিছতে বন্তি প্ৰজ্বলনেৰে সন্মিলনৰ শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক, গৱেষক, বুৰঞ্জীবিদ ড° অৰূপ কুমাৰ দত্তই কয় যে আধুনিক যুগৰ মানুহে এটা কথা পাহৰি যাবলৈ ধৰিছে যে মানৱজাতি প্ৰকৃতিৰ এটা অঙ্গ আৰু কোনো কাৰণতেই তেওঁলোকক প্ৰকৃতিৰ পৰা পৃথক কৰিব পৰা নাযায়। প্ৰাচীন কালত মানৱ সমাজে বুজি পাইছিল যে বিশাল প্ৰকৃতিৰ লগত তেওঁলোক নিকপকপীয়াকৈ বান্ধ খাই আছে ৷ ইয়াৰ ফলস্বৰূপে জীৱাত্মবাদক নিজৰ ধৰ্ম হিচাপে গ্ৰহণ তেওঁলোকে গছ-গছনি, জলাশয়, শিল, জীৱ-জন্তু আদি সকলোতে উশাহ নিশাহ লোৱা জীৱন বিচাৰি পাইছিল। সেয়ে প্ৰকৃতিক প্ৰধান প্ৰেক্ষাপট, ভাৱ প্ৰকাশৰ আহিলা হিচাপে লৈ সাৰ্বজনিক আৰু বিশাল সাহিত্য ৰচনা কৰি সৰ্বত্ৰতে প্ৰকৃতি সুৰক্ষা বিষয়ক সজাগতা সৃষ্টি কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ দি কলাক্ষেত্ৰ সমাজৰ উপসভাপতি জিতুল সোণোৱালে বিশ্বৰ বিদ্বৎ সমাজে পৃথিৱীৰ মঙ্গলৰ কাৰণেই প্ৰকৃতি সাহিত্যৰ কল্যাণকামী চিন্তা -চেতনাক এটা সংগবদ্ধ ৰূপ দি প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰা বুলি কয় ৷ অনুষ্ঠানত প্ৰসঙ্গ ব্যাখ্যা আগবঢ়াই নেচাৰ্চবেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই কয় যে ভাৰত প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগৰণুৱা। গছতযে প্ৰাণ আছিল সেই কথাও ভাৰততে আৱিস্কাৰ হোৱা বুলি তেওঁ কয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অন্যান্যসকলৰ লগতে উপস্থিত থাকে কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ। উদ্বোধনী অনুষ্ঠানৰ পিছতে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত আলোচনা-চক্ৰৰ প্ৰথম সত্ৰত বিশিষ্ট লেখক-সমালোচক ড° আনন্দ বৰমুদৈৰ সঞ্চালনাত “বৈষ্ণৱ যুগৰ সাহিত্যত প্ৰকৃতি” বিষয়ত সমল ব্যক্তি হিচাপে আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ আৰু “অসমীয়া গল্প-উপন্যাসত প্ৰকৃতি সাহিত্য” বিষয়ত সমল ব্যক্তি হিচাপে “সাতসৰী”ৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই বক্তব্য আগবঢ়াই। দিনৰ ২.৩০ বজাৰ পৰা অনুষ্ঠিত আলোচনা-চক্ৰৰ দ্বিতীয় সত্ৰত “সঁফুৰা”ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাৰ সঞ্চালনাত “প্ৰকৃতিকেন্দ্ৰিক অসমীয়া গীতি-সাহিত্য” বিষয়ত সাংবাদিক মনজিৎ ৰাজকোৱঁৰ আৰু “প্ৰকৃতিকেন্দ্ৰিক অসমীয়া নাট্য সাহিত্য” বিষয়ত সমল ব্যক্তি হিচাপে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মৃণাল জ্যোতি গোস্বামীয়ে বক্তব্য আগবঢ়াই। বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত আলোচনাচক্ৰৰ তৃতীয় আৰু মুকলি সত্ৰত “অসম বাণী”ৰ সম্পাদক দিলীপ চন্দনৰ সঞ্চালনাত “প্ৰৱন্ধ আৰু গৱেষণাত প্ৰকৃতি সাহিত্য” বিষয়ক আলোচনাচক্ৰত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই সমল ব্যক্তি হিচাপে ভাষণ দিয়ে। একেদৰে “অসমত প্ৰকৃতি সাহিত্যৰ চৰ্চা আৰু ভৱিষ্যত” বিষয়ক আলোচনাত বিশিষ্ট উপন্যাসিক তথা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সচিব অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে প্ৰকৃতি ধ্বংসকলৈ এতিয়া সমগ্ৰ বিশ্বই ভয় খাইছে। এনে সময়ত মানুহকে ধৰি পৃথিৱীৰ প্ৰতিটো জীৱ-জন্তু, কীট-পতংগকে নিজৰ জীৱনধাৰাত জীয়াই থকাৰ অধিকাৰ দিব পাৰিলেহে প্ৰকৃতিক সুৰক্ষা দিয়া হ’ব। আমাক নদীও লাগিব, ৰাষ্টা-ঘাটো লাগিব। নদী থাকিলেহে তাৰ প্ৰতিটো জীৱ থাকিব । একেদৰে কাষত গছ থাকিলেহে বাট-পথেৰে স্বাস্থ্যসন্মতভাৱে চালচলন সম্ভৱ হ’ব বুলিও তেওঁ কয়। একেটা অনুষ্ঠানতে সৌম্যদীপ দত্তয়ো আলোচক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে, সমল ব্যক্তিসকলৰ লগত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ এক মত-বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়। সন্মিলনৰ লগত সংগতি ৰাখি আজি শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰকৃতি সাহিত্য বিষয়ক এখন গ্ৰন্থমেলাও অনুষ্ঠিত হয় । মঞ্জুৰাণী ডেকাই আঁতধৰা সন্মিলনৰ আলোচনা-চক্ৰসমূহৰ শেষত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে বিগত সময়চোৱাত গীতি-সাহিত্য, নাট্য-সাহিত্যৰ ক্ষেত্ৰত কৰা কামকাজৰ কথা চমুকৈ উল্লেখ কৰি অনাগত দিনত প্ৰকৃতি সাহিত্যকে ধৰি সাহিত্য ক্ষেত্ৰত এতিয়াও চৰ্চালৈ নহাকৈ থকা অন্যান্য বিষয়সমূহো সৰ্বসাধাৰণৰ মাজলৈ পাৰ্যমানে আগবঢ়াই নিয়াৰ কথা কৈ আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়াই।
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলন
