শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় ৫৭৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ আৰু নাট সমাৰোহ আয়োজন

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় ৫৭৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ আৰু নাট সমাৰোহখন অহা কাইলৈৰ পৰা দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে বঙাইগাঁও জিলা শাখাৰ অতিথ্যত আৰু বৰ্ষনগাঁও প্ৰাথমিক শাখাৰ উদ্যোগত চিলাৰায় সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হব।ইতিমধ্যে সকলো প্ৰস্তুতি সমাপ্ত হৈ সাজু হৈ উঠিছে।ইয়াৰে মাজতে আজি মুখ্য পৃষ্ঠপোষক বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে তেওঁৰ নিজ সমষ্টিৰ বৰ্ষনগাঁৱত অনুষ্ঠিত হ’বলগীয়া উক্ত সংঘৰ প্ৰতিটো দিশ তন্ন তন্নকৈ পৰিদৰ্শন কৰি বুজ লয়।আৰু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলো দিশত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দূৰ দূৰণিৰ জিলা সমূহৰ পৰা ভকত,বাপ-বান্ধৱ আই মাতৃসকলে আজি উপস্থিত হৈছে। ইফালে বৰ্ষনগাঁও ৰাইজেও শ্ৰীমন্ত শংকৰদেৱৰ উক্ত অনুষ্ঠানৰ প্ৰতি সদা সজাগ হৈ সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে প্ৰস্তুত হৈ আছে বুলি জানিব পৰা গৈছে।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Comments (0)
Add Comment