শ্ৰেষ্ঠ বিদ্যালয় পৰিচালক বঁটা লাভ কৰা ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা আৰু চিত্তৰঞ্জন নাথক সম্বৰ্ধনা

নগাঁৱৰ বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ত আজি অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত, সুৰনন্দন ভাৰতীৰ অধিবেশনত শ্ৰেষ্ঠ বিদ্যালয় পৰিচালক বঁটা লাভ কৰা ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা আৰু “নন্দশ্ৰী” সন্মান লাভ কৰা চিত্তৰঞ্জন নাথক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, যোৱা ৪ ডিচেম্বৰত কলকতাৰ প্ৰিটোৰিয়াৰ জ্ঞানমঞ্চত সুৰনন্দন ভাৰতীৰ ২৯ সংখ্যক সৰ্বভাৰতীয় অধিৱেশন অনুষ্ঠিত হৈছিল। উক্ত অনুস্থানত নগাঁৱৰ চিত্ৰশিল্পী তথা বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাক “শ্ৰেষ্ঠ বিদ্যালয় পৰিচালক” ৰ বঁটা প্ৰদান কৰা হয়। আৰু বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ শিক্ষক চিত্তৰঞ্জন নাথ লৈ “নন্দশ্ৰী” সন্মান আগবঢ়োৱাৰ লগতে সৰ্বভাৰতীয় অংকন পৰীক্ষা (সপ্তম বৰ্ষ)ত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰা নিৰ্মালি দাসক “শ্ৰেষ্ঠ ছাত্ৰী 2021-22” সন্মানেৰে সন্মানিত কৰা হয়। অসম, পশ্চিম বংগ, ত্ৰিপুৰা, গোৱা, উত্তৰ প্ৰদেশ আদিকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ খ্যাতনামা শিল্পীৰ উপস্থিতত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সন্মান লাভ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই অনা চিত্ৰশিল্পী সকলক আজি সম্বৰ্ধনা জনাৱা উদেশ্যে বটদ্ৰৱাত অনুষ্ঠানটি আয়োজন কৰা হয়। বটদ্ৰৱা চিত্ৰকলা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন বৰুৱাই আঁত ধৰা আজিৰ অনুষ্ঠানটিত সমিতিৰ উপদেষ্টা দিলীপ দেৱ গোস্বামী, তুৱাৰাম বৰুৱাই ভাষন প্ৰদান কৰে। ৰাজীৱ মহন্ত, পংকজ কলিতা, অকন বৰা, জীতেন বৰদলৈ, নিতুল বৰুৱা, খগেশ্বৰ বৰুৱা, বিনয় কলিতাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দ, অভিভাৱক-অভিভাবিকা সকলৰ উপস্থিতত অনুষ্ঠিত অনুষ্ঠানটিত চিত্ৰশিল্পী ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱা আৰু চিত্ৰৰঞ্জন নাথক গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment