সংহত ৰঙিয়া মহকুমাধিপতি (অ) কাৰ্য্যালয়ৰ প্ৰস্তাৱিত স্থানৰ শুভ উদ্বোধন বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়া মহকুমাবাসীৰ বাবে আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হৈ ৰ’ব । ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়টো নতুন ৰূপত নিৰ্মাণ কৰাৰ উদ্দেশ্যে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ষ্টেচন ফিডাৰ ৰোড, তিনিআলিৰ সমীপত অৱস্থিত ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয় চৌহদত ‘সংহত ৰঙিয়া মহকুমাধিপতি (অসামৰিক) কাৰ্য্যালয়ৰ প্ৰস্তাৱিত স্থানৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক  ভৱেশ কলিতাই । ৰঙিয়া মহকুমাৰ মাননীয় মহকুমাধিপতি শ্ৰীযুত জাৱীৰ ৰাহুল সুৰেশ, ভা: প্ৰ: সে:,ৰ উপস্থিতিত শুভাৰম্ভ কৰা প্ৰস্তাৱিত স্থানত কাৰ্য্যালয়টোৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিলে ৰঙিয়া বাসীৰ প্ৰশাসনিক বিভিন্ন কাম-কাজত যাতায়ত আৰু যোগাযোগ অধিক সূচল হৈ উঠিব । এনে প্ৰয়াসক সাকাৰ ৰূপ দিয়াৰ বাবে বিশেষ সঁহাৰি প্ৰদান কৰা বাবে মাননীয় বিধায়ক  ভৱেশ কলিতাই  অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে । উক্ত কাৰ্যসূচী সম্পন্ন কৰি শতাধিক মাননীয় বিধায়ক  ভৱেশ কলিতাই ৰাইজক লগত লৈ আধুনিকীকৰণ সম্পূৰ্ণ হৈ উঠা ৰঙিয়া মহকুমাৰ ঐতিহ্যময় ৰংগমঞ্চ ‘ হৰদত্ত-বীৰদত্ত ভৱন’ৰ দ্বাৰ উন্মোচন আৰু নকৈ নিৰ্মাণ হ’বলগীয়া ৰঙিয়া স্থিত লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলাটিৰ আধাৰশীলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পদব্ৰজে যাত্ৰা কৰে ।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Comments (0)
Add Comment