সতীৰ্থ সন্মিলন আয়োজন

 


গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা পুৰণি ছাত্ৰী নিবাস। চন্দ্ৰপ্ৰভা শইকীয়ানী ছাত্ৰী নিবাসে ২৮ অক্টোবৰত আয়োজন কৰিছে ন-পুৰণি সতীৰ্থ সমাৰোহৰ। এই উদ্দেশ্যে প্ৰাক্তন আবাসী মঞ্জুলা দাসৰ সভাপতিত্বত এখন সমিতি গঠন কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ১০ অক্টোবৰত ছাত্ৰী নিবাসৰ সম্মুখত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সম্ভাৱনীয়তা আছে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই কথা ব্যক্ত কৰি উদ্যোক্তা সকলে কয় যে প্ৰাক্তন আবাসী সকলে এই সম্পৰ্কত অধিক জানিব বিচাৰিলে ছাত্ৰী নিবাসখনৰ বৰ্তমানৰ আবাসী নয়না গোস্বামী ৮৬৩৮২৭৩১৪৭ আৰু প্লাবিতা বৰগোঁহাই ৮০১১৬৩২৬৭০ নম্বৰত যোগাযোগ কৰিব পাৰিব। প্ৰথম বাৰৰ কাৰণে আয়োজিত এই সতীৰ্থ সমাৰোহ খন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে।

Comments (0)
Add Comment