সতী সাধনী দিৱসৰ প্ৰসংগৰে…

বুৰঞ্জীক আমি পাহৰিব নোৱাৰো।কাৰণ বুৰঞ্জীৰ বুকুতেই স্বদেশৰ শিপা বিচাৰি পোৱা যায়।অতি প্ৰাচীন কালৰে পৰা ৰাজ্য বিস্তাৰৰ বাবে বিভিন্ন জাতি,সম্প্ৰদায়ৰ মাজত যুদ্ধ হৈছিল।
 
১৫ শতিকাৰ কথা।সেই সময়ত অসমত আহোম আৰু চুতীয়াৰ মাজত যুদ্ধ সংঘটিত হৈছিল।সেই সময়ৰ ৰাজ নন্দিনী সতী সাধনীয়ে ১২০ গৰাকী কুঁৱৰীক লগত লৈ যুদ্ধৰ বাবে গৈছিল।প্ৰবাদ অনুসৰি সেই সময়ত চন্দনগিৰি পৰ্বতত আহোম সেনাৰ লগত শিল বগৰাই,ধনু কাঁৰলৈ যুদ্ধ কৰিছিল।
 
 
কিন্তু এই যুদ্ধত চুতীয়া সেনানী পৰাস্ত হৈছিল।সেই সময়ত আহোম সেনানীৰ পৰা সতী সাধনীক ৰাজ ৰাণী কৰাৰ পস্তাৱ আগবঢাইছিল,তেতিয়া সতীয়ে শত্ৰুৰ ঘৰত ৰাজ ৰাণী হোৱাতকৈ মৃত্যু শ্ৰেয় বুলি এটা কুণ্ডত জাপ দি প্ৰাণ ত্যাগ কৰিছিল।সাধনীয়ে স্বদেশ,স্বজাতিৰ প্ৰতি যি ত্যাগ কৰিলে,সেই ত্যাগক সুঁৱৰি সতী সাধনী দিৱস পালন কৰা হয়।
 
উল্লেখযোগ্য যে বৰ্তমানেও অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ এটা সংগ্ৰহালয়ত চুতীয়া  ৰাজ্যৰ সম্পদ সমূহ সংৰক্ষণ হৈ আছে।আৰু কিছু চুতীয়া ৰাজ্যৰ অলেখ সম্পদ সম্প্ৰতি অৰুণাচল প্ৰদেশৰ পুৰাতত্ব বিভাগৰ অধীনত আছে।

Comments (0)
Add Comment