সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

IMG-20170708-WA0034

অসমত শৰীৰ চৰ্চাক জনপ্ৰিয় কৰা আৰু নৱ প্ৰজন্মৰ মাজত সজাগতা কৰাৰ লক্ষ্য আগত ৰাখি সদৌ অসম শৰীৰ চৰ্চা সন্থাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মহানগৰীৰ ছ্যুলীন গ্ৰেণ্ডত অনুষ্ঠিত এক সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক বিজিত গগৈয়ে সদৰী কৰে ৪ বছৰৰ বাবে সন্থাৰ নতুন কাৰ্য্যনিৰ্বাহক সমিতি গঠন হয়। উল্লেখ কৰা মতে মিষ্টাৰ অসম প্ৰতিযোগিতা খন এইবাৰ অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব। আৰু প্ৰতিযোগিতাত নিৰ্বাচিত খেলুৱৈ সকলে আন্তৰ্জাতিক প্ৰতিযোগিতা যোগদান কৰাৰ সুযোগ লাভকৰিব। আনহাতে শৰীৰ চৰ্চাৰ সম্পৰ্কীয় এখন ছমহীয়া আলোচনী প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্থাৰ ফালৰ পৰা জানিবলৈ দিয়ে। শৰীৰ চৰ্চা সম্পৰ্কীয় বজাৰত উপলব্ধ সামগ্ৰী সমূহ গুণগত মানদণ্ড আৰু প্ৰভাৱৰ প্ৰতি দৃষ্টি ৰাখিব বুলিও জানিবলৈ দিয়ে। মনকৰিবলগীয়া যে এইবাৰ মিষ্টাৰ অলিম্পিয়া শৰীৰ চৰ্চা প্ৰতিযোগিতাত কুশল চাংমাই, গোলাপ ৰাভা, অভিজিৎ দাসৰ লগতে ৫ গৰাকী খেলুৱৈয়ে যোগদানৰ সুযোগ লাভ কৰিছে।

Comments (0)
Add Comment