সদৌ অসম ৱাডো-কাই কাৰাটে চেম্পিয়নশ্বিপত সুনাম ‘গোসাঁইবৰি কাৰাটে একাডেমীৰ

যোৱা ১৭ জুলাই দেওবাৰে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ ষ্টেডিয়ামত আয়োজিত সদৌ অসম ৱাডো-কাই কাৰাটে চেম্পিয়নশ্বিপত নগাঁও জিলাৰ গোসাঁইবৰি কেৰাটে একাডেমীৰ চাৰি গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, যোৱা এপ্রিল মাহৰ প্রথম সপ্তাহতে গোসাঁইবৰিত স্থাপন হোৱা কাৰাটে বিদ্যালয় খনৰ প্রশিক্ষকদ্বয় জ্যোতিপ্ৰসাদ ডেকা আৰু নিকুমনি নাথৰ তত্বাৱধানত অতি কম সময়ৰ ভিতৰতে প্রশিক্ষিত ছাত্র-ছাত্ৰীৰ এনে এক অবিস্মৰণীয় সফলতাই অঞ্চলটোলৈ আনন্দ কঢ়িয়াই আনিছে। প্ৰতিযোগিতাত 45 কে. জি. ৰ তলৰ শাখাত গোসাঁইবৰিৰ নিৰিবিলি মহন্তই ৰূপৰ পদক ,61 কে.জি. তলৰ শাখাৰ জামুগুৰিৰ ভাবনা নাথে আৰু 51 কে.জি. ৰ তলৰ শাখাত ক্রমে দলংঘাটৰ নয়নমণি আমচি ,পাঘালিৰ ৰাজশ্রী মেধিয়ে ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।এনে সফলতাৰ বাবে প্রশিক্ষক জ্যোতিপ্ৰসাদ ডেকা আৰু উদ্যোক্তা সকলৰ হৈ ভাস্কৰজ্যোতি মহন্তই প্ৰশিক্ষাৰ্থী সকলক অভিনন্দন জনোৱাৰ লগতে অভিভাৱক সকলে যদি এনেদৰেই সন্তানক খেলৰ প্রতি আগ্রহী কৰি তোলাত বিদ্যালয়খনৰ লগত সহযোগ কৰে আহি থকা দিনবোৰত এই অঞ্চলৰ খেলুৱৈয়ে অঞ্চলৰে নহয় দেশলৈ সন্মান কঢ়িয়াই অনাৰ আশা ব্যক্ত কৰে।
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment