সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা হ’ব অসমৰ ৰক্ষা কৱচ -আহোমকে ধৰি প্ৰতিটো জনগোষ্ঠীৰ বৃদ্ধি পাব ৰাজনৈতিক শক্তি চাওলুং চ্যুকাফাৰ আদৰ্শৰে বৰ অসম গঢ়িব লাগিব, ব্যক্তিগত স্বাৰ্থৰ বাবে আঁহফলা ৰাজনীতিৰে নহয়


মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি দলৰ কেইবাগৰাকী সাংসদ-বিধায়কে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা হ’ব অসমৰ বাবে এক ৰক্ষা-কৱচ স্বৰূপ । দলৰ হৈ সংবাদ মেলত অংশ গ্ৰহণ কৰে মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা আৰু বিধায়ক ক্রমে ধর্মেশ্বৰ কোঁৱৰ, চক্ৰধৰ গগৈ, সুশান্ত বৰগোঁহাই আৰু তৰংগ গগৈয়ে।
সংবাদমেলত তেওঁলোকে মন্তব্য কৰে যে এই খচৰা কাৰ্যকৰী হোৱাৰ পিছত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে আহোম জনগোষ্ঠীৰো ৰাজনৈতিক শক্তি বৃদ্ধি পাব । বহুকেইগৰাকী বিৰোধীয়ে সম্পূৰ্ণ মিছা কথাৰে তথ্যবিহীনভাৱে মানুহক বিপথে পৰিচালিত কৰিবলৈ অপচেষ্টা কৰা পৰিলক্ষিত হৈছে । তাৰ বিপৰীতে শুদ্ধ কথাটো হ’ল ২০০৭ চনত কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰিত খচৰাত উজনি অসমত আসনৰ সংখ্যা কমিছিল।সেই খচৰা অনুসৰি যোৰহাট-গোলাঘাটত এখন, শিৱসাগৰত এখন আৰু ডিব্ৰুগড়- তিনিচুকীয়াত এখন আসন কমিছিল আৰু ধেমাজীত এখন আসন বাঢ়িছিল।অর্থাৎ মুঠ হ্ৰাস হোৱা আসনৰ সংখ্যা হ’ল দুখন।
ইয়াৰ বিপৰীতে এইবাৰৰ খচৰাত শিৱসাগৰত এখন আসন কমিল যদিও যোৰহাট-গোলাঘাট- ডিব্ৰুগড় -তিনিচুকীয়াত আসন নকমিল; বৰঞ্চ ধেমাজী জিলা আৰু লক্ষিমপুৰ জিলাত এখনকৈ আসন বৃদ্ধিহে হ’ল।বৰ্তমানতকৈ মুঠ আসন বৃদ্ধিৰ সংখ্যা হ’ল এখন আৰু ২০০৭ ৰ খচৰাতকৈ বৃদ্ধি হ’ল তিনিখন ।
আহোম জনগোষ্ঠীৰ দৃষ্টিকোণেৰে লক্ষ্য কৰিলে দেখা যায় যে, অবিভক্ত শিৱসাগৰ জিলাত আহোম প্রতিনিধি থকা শিৱসাগৰ, থাওৰা, নাজিৰা,সোণাৰি আৰু মাহমৰাত আহোমৰ শক্তি অব্যাহত থাকিল।আহোম ভোটাৰৰ সংখ্যা আৰু শতাংশ বৃদ্ধিহে পালে।মৰাণ আৰু নাহৰকটীয়াতো পূৰ্বতকৈ স্থিতি অধিক শক্তিশালী।
উজনিৰ উত্তৰ পাৰৰ ৰাইজে সংৰক্ষণৰ প্ৰতি শ্ৰদ্ধাশীল হৈয়ো আহোম তথা অন্যান্য সাধাৰণ শ্ৰেনীৰ বাবে দুই এখন মুকলি আসনৰ বাবে দাবী জনাই আহিছিল।এই খচৰাই এই দাবী আজি সমাধান কৰিলে।চিচিবৰগাঁৱৰ দৰে শদিয়া সমষ্টিতো আহোমসকল হ’ব নিৰ্ণায়ক শক্তি।তদ্রুপ মাকুম সমষ্টিও আজি মৰাণ-মটক সকলৰ বাবে এক বিশেষ সমষ্টি হৈ পৰিল।
সংবাদমেলত উপস্থিত বিজেপিৰ সাংসদ-বিধায়ক সকলে লগতে কয় যে আমি চাওলুং চ্যুকাফাৰ একতাৰ আদৰ্শত বিশ্বাসী। চাওলুং চ্যুকাফাই অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক লৈ আগবাঢ়িছিল,বৰ অসম গঢ়িছিল।মাত্ৰ গগৈ উপাধিৰে নহয়- বুঢ়াগোঁহাই, বৰগোঁহাই,বৰপাত্ৰগোঁহাই, বৰুৱা, বৰবৰুৱা, ফুকন, বৰফুকন,লাহন, দিহিঙীয়া, টিপমীয়া, চিৰিং, দুৱৰা, দুৱৰী, সন্দিকৈ,মহন, বাইলুং, চাওদাং, গগৈকে আদি কৰি প্ৰতিজন আহোমক লগত লৈ আহোমৰ স্বাভিমান আৰু সকলোকে সাৱতি লৈ আগবঢ়াৰ ধর্ম পালন কৰি চুতীয়া, মৰাণ, মটক, চাহ জনজাতি আদি সকলোকে লৈ এখন সমৃদ্ধিশালী অসম গঢ়িব লাগিব।এয়াই চাওলুং চ্যুকাফাৰ দর্শন। ইয়াৰ বিপৰীতে ৰাজনৈতিক স্বার্থৰ বাবে আঁহফলা ৰাজনীতিৰে পৰিৱেশ বিনষ্ট কৰা লোকক প্রশ্রয় নিদিয়া বাবে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।লগতে পুনৰ উল্লেখ কৰে যে, শিৱসাগৰ, নাজিৰা,সোণাৰি, থাওৰা, মাহমৰা, মৰাণ, নাহৰকটীয়া আদি প্ৰতিটো সমষ্টিতে আহোম ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে। মিছা প্ৰচাৰ চলাই থকাটো অভিসন্ধিমূলক।এক শতাংশ ভোটো হ্রাস পোৱা নাই।
আহোম জনগোষ্ঠীৰ বৰ্নিল ঐতিহ্যৰ প্ৰসাৰ-প্ৰচাৰৰ লগতে কীৰ্তি-চিহ্ন সমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ দিশো সংবাদ মেলখনত উল্লেখ কৰা হয়। ৰংঘৰ,আলাবৈ, লাচিত মৈদামক আন্তঃৰাষ্ট্ৰীয় মানৰ পর্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ প্ৰকল্প ইতিমধ্যে আৰম্ভ হৈছে।বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি প্রাপ্তিৰ অৰ্থে চৰাইদেউৰ বাবে দেশৰ একমাত্র আবেদনখন বিজেপি চৰকাৰে ইউনেস্কলৈ প্ৰেৰণ কৰিছে।চাও চেংৰেণ নিৰ্মানৰ পৰা কীর্তি-চিহ্নৰ সংৰক্ষণকে আদি কৰি মহন-দেওধাই-বাইলুং পণ্ডিতসকললৈ সন্মান আৰু সহযোগিতা প্রদানৰ কাম আৰম্ভ হৈছে । মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম দিৱস দেশৰ ৰাজধানীত বর্ণাঢ্য ৰূপত আয়োজন কৰি দেশ-বিদেশৰ সন্মানপূর্বক দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে আৰু বিদ্যায়তনিক ক্ষেত্ৰত এই ধাৰা অব্যাহত ৰখা হৈছে । আহোম জনগোষ্ঠীৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক সুৰক্ষা আৰু গৌৰৱোজ্বল ঐতিহ্যৰ প্ৰসাৰ-প্ৰচাৰৰ বাবেই প্ৰতিটো জাতি-জনগোষ্ঠীৰ দৰে আহোম জনগোষ্ঠীয়েও আজি ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰৰ কাষত থিয় দিছে,আকুন্ঠ সমর্থন আগবঢ়াইছে।
সংবাদমেলত বিজেপি নেতৃবৃন্দই কয় যে এই খচৰা অনুযায়ী অতি কমেও এশখন আসন সুৰক্ষিত হ’ব আৰু অন্যান্য জনগোষ্ঠীৰ লগতে অসম বিধান সভাত নিশ্চিতভাৱে আহোম জনগোষ্ঠীৰ প্রতিনিধিৰ সংখ্যাও বৃদ্ধি পাব ।চাওলুং চ্যুকাফাৰ একতাৰ আদৰ্শৰে এখন শক্তিশালি বিকশিত অসম গঢ়িবলৈ বিজেপি সংকল্পবদ্ধ।

Comments (0)
Add Comment