ভয়াবহ আৰু এক জটিলতাপূৰ্ণ সময়ৰে পাৰ হৈছে সমাজ জীৱন । ক`ৰণাকেন্দ্ৰিক পৰিস্থিতিয়ে আনি দিছে এক গভীৰ প্ৰত্যাহ্বান । মাৰাত্মক কোভিড ১৯ ৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে জাৰি কৰিছে আংশিক লকডাউন । সম্প্ৰতি দিনৰ ১২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ চলি আছে সান্ধ্য আইন । এনে এক দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতো প্ৰতিনিয়ত জনসাধাৰণৰ হকে সেৱা আগবঢ়াই আহিছে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিগণিত সংবাদ মাধ্যমৰ ব্যক্তিসকলে।
উল্লেখনীয় যে সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তি সকলক এনে এক ভয়াবহ পৰিস্থিতিৰ মাজতো নিৰন্তৰে সেৱা আগবঢ়াই অহা কর্তব্যক এধানি উৎসাহ যোগোৱাৰ উদ্দেশ্যে আজি জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিয়ে গ্ৰহণ কৰে এক আদৰণীয় পদক্ষেপ । জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে আজি দিনৰ প্ৰায় ১১ বজাত জালুকবাৰী উৰণীয়া সেতুৰ তলত আয়োজন কৰা এক অনুষ্টুপীয়া অনুষ্ঠানত বৃহত্তৰ মালিগাঁও – জালুকবাৰী অঞ্চলৰ প্ৰায় কুৰিজন সাংবাদিক তথা সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিক আনুষ্ঠানিকভাৱে হেণ্ড চেনিটাইজাৰ আৰু একোখনকৈ মাক্স প্ৰদান কৰাৰ লগতে প্ৰায় শতাধিক সৰ্বসাধাৰণ লোকৰ মাজত মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰে। জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক চাদিক আহমেদে আঁত ধৰা অনুষ্ঠানটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথে। আনহাতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানবাধিকাৰ কৰ্মী যতীন্দ্ৰ ভৰালী। লগতে যুৱনেতা অজয় দাস , সঞ্জয় বিশ্বাস , হৃষীকেশ দাসকে ধৰি কেবাগৰাকী ব্যক্তি উপস্থিত থাকে।জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিৰ এনে পদক্ষেপক সংবাদকৰ্মী সকলে কৃতজ্ঞতা জনাইছে।
বাতৰি যুগুতালে আজাৰাৰ পৰা জিতুমণি দাসে..
সাংবাদিকক মাস্ক,চেনিটাইজাৰ বিতৰণ কৰিলে কেন্দ্ৰীয় নাগৰিক সমিতিয়ে
