সাংবাদিকৰ অন্য এক পদক্ষেপ

সাংবাদিকৰ অন্য এক পদক্ষেপ

IMG-20170707-WA0016

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ’ল সাংবাদিক সকল। কেৱল ডিগ্ৰী, ডিপ্লমাৰে এজন যুৱক বা যুৱতী সাংবাদিক হ’ব নোৱাৰে। ইয়াৰ বাবে লাগে ব্যৱহাৰিক জ্ঞান আৰু বৃত্তিটোৰ প্ৰতি সততা, বুদ্ধিমত্তা আৰু নিষ্ঠা। এনেধৰণৰ কিছুমান ব্যৱহাৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বশিষ্ঠ প্ৰেচ ক্লাবৰ উদ্যোগত আজিৰ পৰা অনুষ্ঠিত হৈছে সাংবাদিকতাৰ কৰ্মশালা। মাঝিপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাখন আজি উদ্বোধন কৰে বিধায়ক অতুল বৰা, জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু অতনু ভূঞাৰ লগতে বহু কেইগৰাকী ব্যক্তিয়ে। উল্লেখযোগ্য যে এই কৰ্মশালাখন ১৩ জুলাইলৈকে চলি থাকিব। প্ৰাপ্ত তথ্য মতে আজি অৰ্থাৎ প্ৰথম দিনটোত ৩২ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

IMG-20170707-WA0018

আনহাতে দিচপুৰ প্ৰেচ ক্লাবৰ কুঞ্জ মোহন ৰয়ৰ উদ্যোগত অসমৰ সমূহ সাংবাদিক সকলৰ জীৱনপঞ্জী সামৰি এখন এখন গ্ৰন্থ প্ৰকাশৰ যো জা আৰম্ভ হৈছে। এই সম্পৰ্কে কুঞ্জ মোহন ৰয়ে nefocus.com ৰ আগত এনেদৰে প্ৰকাশ কৰে… সাংবাদিক সকলে খবৰ সংগ্ৰহ কৰি বিভিন্ন সময়ত, বিভিন্ন কাৰণত সংবাদ সেৱাৰ পৰা যেতিয়া বিৰত হ’ব লগা হয়, তেতিয়া বহুসময়ত অস্তিত্ব সংকটত ভোগা দেখা যায়। এয়া আমাৰ এক প্ৰয়াস যাতে গ্ৰন্থ আকাৰে সাংবাদিক সকলৰ জীৱনপঞ্জী ধৰি ৰাখি চিৰযুগমীয়া কৰি ৰাখো। ইতিমধ্যে বিভিন্ন কাকত চেনেলৰ যোগেদি গ্ৰন্থ প্ৰকাশৰ যো জা কৰাৰ কথা প্ৰকাশিত হৈছে। জানিব পৰা মতে আগষ্ট মাহত সাংবাদিক সকলে এই গ্ৰন্থৰ বাবে তথ্য যোগান ধৰা অন্তিম সময়।

Comments (2)
Add Comment
  • Dumanta sarmah

    হয় !এয়া সুন্দৰ পদক্ষেপ ৷ পিচে আমাৰ লেখিয়া মফচলীয়া সকলৰ বাবেও কিছু সময় উলায়াই এপাক আমাৰ গাৱঁৰ ফালে আহিবচোন কুঞ্জ দা ৷
    “আমি বা কি মতে তৰো” ! শুভকামনাৰে…