সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

WhatsApp Image 2017-10-22 at 6.13.34 PM

সাংবাদিক সকলে ভাষা, সাহিত্যৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। তেতিয়াহে সামাজিক প্ৰগতি সম্ভৱ। বিশেষকৈ আমি সাংবাদিক সকলে নিজকেই বিশ্লেষণ কৰা উচিত। এই মন্তব্য জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞাৰ। সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে। উল্লেখযোগ্য যে সাংবাদিক সুৰক্ষা মঞ্চ, অসম হ’ল শোষিত, নিস্পেষিত সাংবাদিকৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠিত এটা সংগঠন।

WhatsApp Image 2017-10-22 at 6.14.59 PM

সংগঠনটোৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপিত হয় দিছপুৰ প্ৰেছ ক্লাৱত। আজিৰ এই অনুষ্ঠানত বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দৰ লগতে আইনজ্ঞ আৰু জেষ্ঠ্য সাংবাদিক সকল উপস্থিত থাকি সাংবাদিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বক্তব্য প্ৰদান কৰে। 

Comments (0)
Add Comment