আৰ বি প্ৰডাকচন আৰু ডি টি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া মিউজিক ভিডিঅ’ ছবি “ফুলকুমলীয়া” ৪ অক্টোবৰৰ দিনা সন্ধিয়া গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ চিনেমা হলত আয়োজিত এক অনুষ্ঠানত সামাজিক মাধ্যম যোগে মুকলি কৰা হয় । গীতটিত কণ্ঠদান কৰিছে উদীয়মান কণ্ঠশিল্পী দৰ্শন ঠাকুৰীয়ে। গীতৰ কথা আৰু সুৰ ৰচনা কৰিছে ৰক্তিম বৰুৱাই। সংগীত প্ৰযোজনা পাৰ্থ প্ৰতিম ডেকাৰ আৰু মাষ্টাৰিং কৰিছে ঋষভ ৰঞ্জন ভাগৱতীয়ে। ভিডিঅ’টোৰ নিৰ্দেশনা কৰিছে নাস্তিন কবিৰে আৰু প্ৰযোজনা কৰিছে ৰক্তিম বৰুৱাই। কলেজীয়া জীৱনৰ প্ৰেম, বন্ধুত্ব আৰু আবেগক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে এই মিউজিক ভিডিঅ’। উঠি অহা যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত নিৰ্মিত প্ৰায় ৫ মিনিট ৯ ছেকেণ্ড দৈৰ্ঘ্যৰ এই গীতটো ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে। অনুষ্ঠানত উপস্থিত থাকে গীতৰ সৈতে জড়িত কেবাজনো কলাকুশলী। উল্লেখ্য যে ইউ টিউব চেনেল “R B Production on DT Films” ত লগ অন কৰিলে শুনিবলৈ পাব।