সুখবৰৰ সমাহাৰে

সুখবৰৰ সমাহাৰে
IMG-20171006-WA0013
চিকিৎসা খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে মহানগৰীৰ কটাহবাৰীস্থিত আয়ুৰচন্দ্ৰা হস্পিতালে। যোৱা এমাহ পূৰ্বে হস্পিতাল খনে চাৰ্জাৰী কেন্দ্ৰটো মুকলি কৰিছিল। উল্লেখযোগ্য যে গুৱাহাটীৰ গনেশপাৰাৰ শিৱ বৰ্মন নামৰ এজন শ্ৰমিকৰ সম্পূৰ্ণ ছিগা হাতখন ৬ঘণ্টাৰ ভিতৰতে যোৰা লগাই অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিলে। এইকথা সদৰী কৰি  এক সংবাদমেল যোগে জানিবলৈ দিয়ে। কোনো ৰোগীয়ে কিছুমান নিয়মৰ মাজেদি ৬ ঘণ্টাৰ ভিতৰত যোগাযোগ কৰিলে কটা বা ছিগা হাত যোৰা লগাব পাৰি। উল্লেখযোগ্য যে এই অস্ত্ৰোপচাৰৰ ব্যয় ২ৰ পৰা ৩লাখ টকা। স্মতৰ্ব্য যে উত্তৰ পূবত প্ৰথমবাৰৰ বাবে এনে জটিল চাৰ্জাৰী সম্ভৱ হৈ উঠিছে।
IMG-20171006-WA0012
আনহাতে, মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ৪০০ আসনযুক্ত এক প্ৰেক্ষাগৃহ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লুক ইষ্ট নহয়, এক্ট ইষ্ট পলিচি হে ইতিমধ্যে কাৰ্য্যকৰী হৈছে। কিন্তু বিনিয়োগ কেন্দ্ৰ অতি শীঘ্ৰে আৰম্ভ হ’ব। বিভিন্ন আঁচনিৰে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বাণিজ্যিক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীও উপস্থিত থাকে।
IMG-20171006-WA0018
ইফালে অসম চৰকাৰৰ উদ্যোগত পৰিবেশ আৰু বন বিভাগে আয়োজন কৰা বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰত আজি অনুষ্ঠিত হয়। বন্যপ্ৰাণী ৰক্ষাৰ ক্ষেত্ৰত বনবিভাগৰ যিসকল লোকে অৱদান আগবঢ়াইছে তেওঁলোকক প্ৰসস্তি পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।
অসমৰ অন্যতম জলন্ত সমস্যাৰ ওপৰত নিৰ্মিত প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা ‘এই মাটিতে’ আজি ২৯টা চিনেমা হলত মুক্তি লাভ কৰে। উল্লেখ্যযোগ্য যে ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ ওপৰত ভিত্তি কৰি এই চিনেমা খন নিৰ্মাণ কৰা হৈছে। অসমৰ বিভিন্ন সংগঠন যেনে আছু, আক্ৰাছু আদিৰ নেতাই পোন প্ৰথম বাৰৰ বাবে চিনেমা খনৰ যোগেদি অভিনয় কৰাৰ সুযোগ পাইছে। চিনেমা খন ২ঘণ্টা ১৯মিনিটৰ। প্ৰযোজনা কৰিছে সীতানাথ লহকৰে।
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিৰোগাঁওত দুটাকৈ গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই। প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা আঁচনিৰ অধীনত প্ৰায় ১০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া জজি -বিৰোগাঁও-বগাপানী হৈ কুলশী নদী পাৰ আৰু খামাৰ বিৰোগাঁও হৈ মাৰাভিঠা সংযোগী গড়কাপ্তানি পথ দুটিৰ আজি আধাৰশিলা স্থাপন কৰি বিধায়ক কলিতাই অঞ্চলবাসীৰ এটি দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল বুলি মত প্ৰকাশ কৰে। এই উপলক্ষে বিৰোগাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক লালচৰণ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি  বিধায়ক কলিতাই ৰাইজৰ সহায়-সহযোগিতা অবিহনে কোনোদিন ৰাজহুৱা কাম  সমাপন নহয় বুলি ভাষণত উল্লেখ কৰে।
কামৰূপৰ পৰা সহযোগ কৰিলে
জীতুমণি দাস
Comments (0)
Add Comment