সোণাৰি পৌৰসভাৰ উদ্যোগত ৰাজহুৱা সজাগতা সভা

সোণাৰি পৌৰসভাৰ উদ্যোগত কালি সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত কৰদাতা নাগৰিক আৰু পৌৰসভাৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকলৰ সৈতে পৌৰসভাৰ বিভিন্ন বিষয়ৰ ওপৰত এখন ৰাজহুৱা সজাগতা সভা অনুষ্ঠিত কৰা হয়।

সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত সোণাৰি নগৰখনক সুন্দৰ আৰু স্বচ্ছ ৰখাৰ ক্ষেত্ৰত পৌৰসভাই গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপৰ প্ৰতি পূর্ণ সহযোগিতা আগবঢ়াই নিজ নিজ অঞ্চল সমূহ পৰিস্কাৰ আৰু সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত স্থানীয় নাগৰিক সকলক অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ পৌৰ সভাখনৰ ভৱিষ্যত পৰিকল্পনা সমূহৰ ক্ষেত্ৰত কিছু ব্যক্তিগত ভূমি অধিগ্ৰহণ কৰিব লগা হ’ব পাৰে আৰু এই ক্ষেত্ৰত স্থানীয় নাগৰিকৰ ইতিবাচক সঁহাৰি আৱশ্যক হ’ব বুলি উল্লেখ কৰি কয় যে, অধিগ্ৰহণ কৰা ভূমিৰ বাবত অৱশ্যে ন্যায্য তথা বিধিগত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।অনুষ্ঠানৰ আৰম্ভণিতে পৌৰপতি আৰু উপ- পৌৰপতি প্ৰমুখ্যে আটাইকেইগৰাকী ৱাৰ্ড সদস্যৰ ৰাজহুৱা পৰিচয়পৰ্ব অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত পৌৰপতি তিলক চন্দ্ৰ নেওগে সোণাৰি পৌৰসভা এলেকাৰ বিভিন্ন বিষয় তথা সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত পৌৰসভাৰ ভৱিষ্যত পৰিকল্পনা সমূহৰ বিষয়ে সদৰি কৰি এই সন্দৰ্ভত স্থানীয় কৰদাতা নাগৰিকসকলক পূৰ্ণ সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ আহ্বান কৰে।

সভাত উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।মহকুমা চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ জ্যোতি শ্যামেও অনুষ্ঠানত বক্তব্য প্ৰদান কৰে।সভাত বিশিষ্ট সমাজসেৱী লক্ষীনাথ তাছাও উপস্থিত থাকে।

Comments (0)
Add Comment