সোনাপুৰত কাৰ্বি দেহাল কাচিৰ্দম উৎসৱত পথ-সুৰক্ষাৰ জনসজাগতা অনুষ্ঠান পৰিবহণ বিভাগৰ

যানবাহন আইন নমনা চালকক নাকি লগাবলৈ অট্টহাস্য কৰি সোনাপুৰৰ ৰাজপথত নামিল যমৰাজ! পিছে খেদি খেদিয়ো দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চালকক যমপুৰীলৈ নিয়াত ব্যথ হ’ল যমৰাজ। কিয়নো সেই সময়ত দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে হেলেমট আৰু চাৰিচকীয়া বাহনত সকলোৱে ছীটবেল্ট ব্যৱহাৰ কৰিছিল। যানবাহন ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত দুই এক বিসঙ্গতি দেখিলেও দুচকীয়া-চাৰিচকীয়া বাহনৰ বাবে পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা দুটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা মানি চলাৰ বাবেই যমৰাজে যমনগৰীলৈ নিব নোৱাৰিলে কোনো এজনকে। পৰিবহণ বিভাগে বান্ধি দিয়া আন আন নীতি নিৰ্দশনাসমূহো যাতে সকলো সময়তে মানি চলে তাৰবাবে সকলোকে সচকিত কৰিলে ৷ এনেকৈয়ে যানবাহন ব্যৱহাৰকাৰীৰ পথ সুৰক্ষা সজাগতাৰ যোগাত্মক দিশটো সমাজৰ সৰ্বস্তৰতে তুলি ধৰাৰ মানসেৰে কামৰূপ মহানগৰ জিলাৰ সোনাপুৰৰ নিজ হহঁৰাত কালি পৰিবহণ বিভাগে অনুষ্ঠিত কৰে এক ব্যতিক্ৰমী সজাগতা অনুষ্ঠান। কাৰ্বি বাংঠে আছেম’ৰ কেন্দ্ৰীয় সমিতি আৰু ফংআৰি আঞ্চলিক কাৰ্বি বাংঠে আছেম’ৰ উদ্যোগত নিজ হহঁৰা দেহাল থানত অনুষ্ঠিত ৩৪সংখ্যক কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰ্দম উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত অনুষ্ঠিত হয় সজাগতা অনুষ্ঠানটো। অনুষ্ঠানত কেইবা সহস্ৰাধিক লোকৰ সন্মুখত কাৰ্বি বাংঠে আছেমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লেলিন বৰুৱা ৰংহাং, মুখ্য সম্পাদক ৰাণা ৰংহাং, উদযাপন সমিতিৰ সভাপতি উমাকান্ত কেলেং আৰু সম্পাদক ৰবিনচন কাঠাৰৰ আমন্ত্ৰণক্ৰমে সম্বৰ্ধনা গ্ৰহণ কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কাৰ্বি দেহাল কাচিৰ্দম উৎসৱৰ মাহাত্ম্য আৰু বৰ্তমান সমাজত এই উৎসৱৰ গুৰুত্ব সন্দৰ্ভত ব্যক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে তেওঁ “দেহা থাকিলেহে বেহা” বুলি উল্লেখ কৰি সুৰক্ষিত আৰু দুৰ্ঘটনামুক্ত জীৱন যাপনৰ বাবে পথৰে যাতায়াত কৰা সকলো শ্ৰেণীৰ লোককে পথ-সুৰক্ষাৰ সজাগতাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ উপৰি গুৰুতৰভাৱে আহত হৈ পঙ্গুত্ব কটাবলগীয়া লোকৰ তথ্য সদৰি কৰি পথ দুৰ্ঘটনাই দেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰলৈ কঢ়িয়াই অনা ভয়াবহতা আৰু অনিশ্চয়তাৰ কথা উল্লেখ কৰে। একেদৰে যানবাহন ব্যৱহাৰকাৰীৰ সামাজিক দায়বদ্ধতা আৰু নৈতিক কতৰ্ব্যবোধ সন্দৰ্ভত উল্লেখ কৰি পথ সুৰক্ষাৰ সজাগতা-সচেতনতাক অভ্যাসত পৰিণত কৰিবলৈ তেওঁ আহ্বান জনায়। তদুপলক্ষে মহানগৰীৰ সোনাপুৰৰ পথ দুৰ্ঘটনাগ্ৰস্ত অঞ্চলসমূহৰ সমীপৰ বাসিন্দাক এই অঞ্চলসমূহত অনাগত দিনত সকলো সময়তে সুৰক্ষিত যাতায়াত বজাই ৰাখি দুৰ্ঘটনামুক্ত অঞ্চল হিচাপে গঢ়ি তোলাত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ যানবাহন চলাওঁতে সকলোৱে নীতিনিয়ম মানি সুৰক্ষিত যাতায়াত অব্যাহত ৰাখিব পাৰিলে আমি নিঃসন্দেহে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পাৰিম বুলিও পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীনেশ দাস আৰু গোপেশ চৌধুৰীয়ে পথ সুৰক্ষা গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। ইফালে নাট্যকাৰ পৰিচালক আৰু চলচিত্ৰ নিৰ্মাতা চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত সজাগতামূলক নাট পৰিবেশন কৰা হয় ।

Comments (0)
Add Comment