স্বাধীনতা দিৱসৰ বিশেষ-যুগে যুগে বন্দিত দেশপ্ৰেমীৰ স্বদেশ প্ৰেম

আজি স্বাধীনতা দিৱস। বৃট্ৰিছ শাসনৰ পৰা দেশে স্বাধীনতা লাভ কৰা এটা বিশেষ দিন। এই দিনটো প্ৰত্যেক জন ভাৰতীয়ৰ বাবে উদযাপন দিন।

দেশে স্বাধীনতা লাভ কৰা অন্তৰালত বহুকেইজন দেশপ্ৰেমীৰ ত্যাগ, আত্ম বলিদান, কষ্ট অন্তৰ্নিহিত হৈ আছে।সেয়ে এখন দেশৰ বাবে শ্বহীদ পৰিয়াল সদায়ে পূজনীয়।

আচলতে স্বাধীনতা কেৱল ৰাজনীতিতেই নাথাকে,ই থাকে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰ বিশেষটোও।কোনো বিজ্ঞ জনে কৈছিল যদি তুমি পৃথিৱীখন বেয়া দেখিছা,তেন্তে তুমি পৃথিৱী খন সলনি কৰিবলৈ যোৱাতকৈ প্ৰথমে নিজকে সলোৱা। দেখিবা সকলো সৰ্বাংগসুন্দৰ হৈ উঠিছে।

আজিৰ দিনত গান্ধীজীৰ দৰ্শন প্ৰাসংগিক হৈ পৰিছে। এই জনা মহামানৱে অহিংসা আৰু শান্তিৰ বাণীৰে বৃট্ৰিছ কৱলৰ পৰা দেশ স্বাধীন কৰিবলৈ সক্ষম হৈছিল। পৰাধীন ভাৰতৰ জনগণৰ মাজত জনমত গঠন কৰাত এশ শতাংশ সফল হৈছিল। সেয়ে গান্ধীজীৰ দৰ্শন যুগে যুগে বন্দিত।

গান্ধীজীয়ে তেতিয়াৰ দিনতে স্বচ্ছতাৰ সম্পৰ্কত গুৰুত্ব দিছিল। তেখেতে বিশ্বাস কৰিছিল স্বচ্ছতাত ঈশ্বৰ সেৱা নিহিত হৈ আছে। বিশেষকৈ দেশবাসীৰ মাজত স্বদেশী বস্তু প্ৰচলন আৰু ব্যবহাৰ কৰাই এক নৱ আন্দোলনৰ সূচনা কৰিছিল।
গান্ধীজী, সুভাষ চন্দ্র বসু, বাল গংগাধৰ তিলক, ভগৎ সিং জন্মভূমিৰ আমি প্ৰত্যেক জন ভাৰতীয়ই দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ তেখেত সকলৰ সপোনৰ ভাৰতক উজ্জীবিত কৰি তোলো উচিত।
আনহাতে অসমৰ স্বাধীনতা সংগ্ৰামী সেনানীসকলৰ অন্যতম কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী,পিয়লি ফুকন, মণিৰাম দেৱানৰ ত্যাগ, আত্মবলিদানক আজি এই পবিত্র দিনটোত শ্ৰদ্ধাৰে সোৱৰিছো।আহক আমি গাও স্বাধীনতাৰ গান, গুঞ্জৰিত হওক মন প্ৰাণ।

Comments (0)
Add Comment