১৭ আগষ্ট গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল আজি কেইবাটাও কাৰ্যসূচী লৈ গোৱালপাৰা জিলা ভ্ৰমন কৰে।মন্ত্ৰী গৰাকীয়ে প্ৰথমে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ সকলো চৰকাৰী বিভাগৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ পৰা মন্ত্ৰী মহোদয়ে বিভিন্ন চৰকাৰী আঁচনি তথা বিভাগীয় কাম -কাজৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে আঁত ধৰা সভাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি, শিক্ষা, সমাজ কল্যাণ, জন স্বাস্থ্য কাৰিকৰী, উদ্যোগ আৰু বাণিজ্য আদি বিভাগসমূহত চলি থকা কাম কাজৰ পৰ্যালোচনা কৰে আৰু কেতবোৰ পৰামৰ্শ আৰু নিৰ্দেশনা দিয়ে। ইয়াৰ পূৰ্বে মন্ত্ৰী মহোদয়ে অনুষ্ঠিত কৰা পৰ্যালোচনাসভাৰ প্ৰস্তাৱ আৰু সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰা বিষয়তো তেখেতে পৰ্যালোচনা কৰে।
সভাত অৰুণোদয় ৩.০ , প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা সন্দৰ্ভতো তেখেতে পৰ্যালোচনা কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক কেতবোৰ নিৰ্দেশনা দিয়ে। সভাত গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰী , জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰ, সমজিলা আয়ুক্ত, দুধনৈ অৰুণ কুমাৰ ব্ৰহ্ম , সমজিলা আয়ুক্ত নৱজিৎ পাঠক আদি উপস্থিত থাকে।
আনহাতে মন্ত্ৰী গৰাকীয়ে ‘নিক্ষয় মিত্ৰ’ হিচাপে গোৱালপাৰা জিলাৰ ১০ গৰাকী যক্ষ্মা ৰোগীৰ যত্ন লোৱাৰ দায়িত্ব লৈ আজি তেওঁলোকক একোটাকৈ পুষ্টিকৰ আহাৰৰ টোপোলা প্ৰদান কৰে।
ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে গোৱালপাৰা চহৰৰ বিওচিত গোৱালপাৰা পৌৰসভাই ( আগিয়া ৰোড) চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ ধনেৰে নিৰ্মাণ কৰা ” ক্ল’ক টাৱাৰটো ” শুভ উদ্বোধন কৰে। এই ক্ল’ক টাৱাৰটোৰ নিৰ্মাণত ৪৫,৬৭,৭৫৯/- টকা ব্যয় হোৱা বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে তেখেতে গোৱালপাৰা চহৰৰ ১৩ নম্বৰ ৱাৰ্ডৰ হাহিলা বিল বাছ আস্থানৰ কাষত স্বচ্ছ ভাৰত মিছনৰ অধীনত ২০২৪-২৫ বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা সমূহীয়া শৌচাগাৰ চৌহদটো উদ্বোধন কৰে। উল্লেখযোগ্য যে এই শৌচাগাৰ সমূহ মাচুল দি ৰাইজে ব্যৱহাৰ কৰিব পাৰিব ।
লগতে, তেওঁ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ১,১১,৮৬,০০০/- টকা ব্যয় সাপেক্ষে গোৱালপাৰা পৌৰসভাই স্থাপন কৰা “মিনাৰেলযুক্ত পেকেজড্ খোৱা পানীৰ প্ৰকল্পটো আজি শুভ উদ্বোধন কৰে । এই উদ্বোধন কাৰ্যসূচীৰ সময়ত গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক আৰু পৌৰ আয়ুক্তসকল, জিলা আয়ুক্ত মহোদয়, অসম বেচা কিনা নিগমৰ সঞ্চালক ৰহিম জিব্ৰান, গোৱালপাৰা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দীপক কুমাৰ নাথ, সমাজকৰ্মী দীপাংক কুমাৰ নাথ, জিতেন দাসকে আদি কৰি ভালেমান স্থানীয়লোক উপস্থিত থাকে।
উল্লেখযোগ্য যে- এই কাৰ্যসূচীসমূহৰ মাজতে মন্ত্ৰী গৰাকীয়ে গোৱালপাৰা চহৰৰ গাতে লাগি থকা হাহিলা বিল পৰিভ্ৰমণ কৰে আৰু বিলখনৰ পৰিৱেশ লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহি থকা বুলি মন্তব্য কৰে। উল্লেখ্য যে- কিছুদিন পূৰ্বে হাহিলা বিলত হোৱা বেদখল চৰকাৰে উচ্ছেদ কৰিছে।