স্বাস্থ্য  বিভাগৰ উদ্যোগত ঢকুৱাখনাত স্বাস্থ্য মেলা

বিশেষজ্ঞ  চিকিৎসক বিহীন ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভাৰত চৰকাৰৰ  স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ নিৰ্দেশনাৰ ভিত্তিত ঢকুৱাখনা মহকুমা সদৰত শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় এক স্বাস্থ্য মেলা । লখিমপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ সৌজন্যত  মহকুমা অসামৰিক চিকিৎসালয় প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই স্বাস্থ্য মেলা । মহকুমাবাসী ৰোগাক্ৰান্ত ৰাইজৰ মাজত গুণগত চিকিৎসা সেৱা প্ৰদান ,ৰোগীৰ ৰোগ নিৰ্ণয়  কৰি যাবতীয় দৰব প্ৰদানৰ সমান্তৰাল ভাৱে  চৰকাৰী ভাবে আগবঢ়োৱা  বিভিন্ন স্বাস্থ্য সেৱা বিনামূলীয়া ভাবে প্ৰদান কৰাৰ লক্ষ্যৰে পুৱা ৯ বজাত স্বাস্থ্য মেলাখন  শুভাৰম্ভ কৰা হয় । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ  বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসক , স্বাস্থ্য কৰ্মীয়ে স্বাস্থ্য সেৱা আগবঢ়োৱা এই মেলা শুভ উদ্ধোধন কৰে হেমন্ত গগৈয়ে  । ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি , ডাঃ বিপুল দাস ,ডাঃ ধনেশ্বৰ পেগু আদি উপস্থিত থকা স্বাস্থ্য মেলাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ  স্ত্ৰী আৰু প্ৰসুতী ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ গীতালি দত্ত , শিশু ৰোগ বিশেষজ্ঞ ডাঃ মৌচুমী শইকীয়া , মেডিচিন বিশেষজ্ঞ ডাঃ অজয় তপ্ন , চকু চিকিৎসক ডাঃ দিপু বসন্ত , অৰ্থপেদিক চিকিৎসক ডাঃ হীৰেন পেগুকে ধৰি  বহু কেইগৰাকী বিশেষজ্ঞ চিকিৎসকে  ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ ডেৰ সহস্ৰাধিক ৰোগাক্ৰান্ত ৰাইজক উন্নত চিকিৎসা সেৱা আগবঢ়াই । ঢকুৱাখনা  স্বাস্থ্য খণ্ডৰ  আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু আৰু স্বাস্থ্য বিভাগে সু শৃংখলিত  ভাবে আয়োজন কৰা এই স্বাস্থ্য মেলাত স্বাস্থ্য পৰিচয় পত্ৰ, “আয়ুষ্মান  ভাৰত” কাৰ্ডৰ নৱীকৰন, অটল অমৃত কাৰ্ড প্ৰস্তুত কৰণৰ লগতে মধুমেহ ৰোগৰ পৰীক্ষা , উচ্চ ৰক্ত চাপ, মুখৰ কৰ্কট ৰোগ আদি বিভিন্ন ৰোগৰ  স্বাস্থ্য পৰীক্ষা বিনামূলীয়া ভাবে সম্পন্ন কৰি প্ৰয়োজনীয় ঔষধ যোগান ধৰা হয় এই স্বাস্থ্য মেলাত ।  ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ  লোকনিৰ্মান , কৃষি , পশু পালন  ও চিকিৎসা , সমাজ কল্যান আদি মুঠ ৮ টা বিভাগৰ পৰা জনসাধাৰনে লাভ কৰিব লগা চৰকাৰী সেৱা সন্দৰ্ভতো প্ৰণালীবদ্ধ সজাগতা সভা অনুষ্ঠিত কৰে  এই স্বাস্থ্য মেলা প্ৰাংগণত ।  লখিমপুৰ জিলা  স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মনোজ দাস , জিলা আঁচনি প্ৰবন্ধক দেবাঙ্গ বিকাশ গগৈ , জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ গুনীন গগৈ , খণ্ড আঁচনি প্ৰৱন্ধক সত্যম কুমাৰ চাহু , মহকুমাধিপতি অৰিন্দম বৰুৱা , চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি  ভুৱন চমুৱা আদি উপস্থিত থকা সজাগতা সভাত  বহু কেইজন  স্বাস্থ্য  বিষয়াই  মেলাৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে । স্বাস্থ্য কৰ্মী ৰাজু চুতীয়াই আঁত ধৰা সজাগতা সভাৰ পূৰ্বে এটা টকা বিহুৰ দলে সুন্দৰ  টকা বিহু প্রদর্শন কৰি উপস্থিত ৰাইজক সন্মোহিত কৰে। চৰকাৰী বিশেষজ্ঞ চিকিৎসকৰ সেৱা আৰু মুখ নেদেখা ঢকুৱাখনাবাসী ৰোগাক্ৰান্ত  সহস্ৰাধিক ৰোগাক্ৰান্ত  ৰাইজে শুক্ৰবাৰে অনুষ্ঠিত স্বাস্থ্য মেলাত পুৱাৰ পৰাই উপস্থিত হৈ বিশেষজ্ঞ চিকিৎসকৰ গুণগত স্বাস্থ্য সেৱা গ্ৰহণ কৰি উপকৃত হোৱা পৰিলক্ষিত হল।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment