নীতি আয়োগৰ এখন ভাৰ্চুৱেল মিটিঙত আজি দেশৰ ৫০০টা “অভিলাষপূৰ্ণ উন্নয়ন খণ্ড” (এছপিৰিছ’নেল ব্লক)-ৰ ভিতৰত তামুলপুৰ উন্নয়ন খণ্ডক প্ৰথম স্থান পোৱা বুলি উল্লেখ কৰা হয়। নিটি আয়োগৰ চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে। এই ৰাষ্ট্ৰীয় সফলতাৰ স্বীকৃতি স্বৰূপে তামুলপুৰ উন্নয়ন খণ্ডই নিটি আয়োগৰ পৰা অঞ্চলটোৰ উন্নয়নমূলক প্ৰচেষ্টা অধিক দৃঢ় কৰাৰ উদ্দেশ্যে ৩ কোটি টকা লাভ কৰিব। মূলতঃ স্বাস্থ্য তথা পৰিপুষ্টি, শিক্ষা, কৃষি তথা জলসম্পদ, অৰ্থনৈতিক উন্নয়ন তথা দক্ষতা বিকাশ আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত পৰ্যৱেক্ষণেৰে নিৰ্দিষ্ট নম্বৰৰ ওপৰত ভিত্তি কৰি নিটি আয়োগে দেশৰ ভিতৰতে তামুলপুৰ উন্নয়ন খণ্ডক এই বিৰল স্বীকৃতি প্ৰদান কৰিছে। আজি নিটি আয়োগৰ ভাৰ্চুৱেল মিটিংখনত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে নিজৰ চমু তথা গুৰুত্বপূৰ্ণ বক্তব্যত উল্লেখ কৰে, “মূলতঃ বিষয়াসকলৰ দলীয় প্ৰচেষ্টাৰ ফলত আজি আমি তামুলপুৰ উন্নয়ন খণ্ড দেশৰ ভিতৰতে সৰ্বোচ্চ স্থান পাবলৈ সক্ষম হৈছো।” লগতে স্বাস্থ্য খণ্ডৰ পঞ্চামৃত কাৰ্যসূচী, মিছন বিকল্প, শিক্ষা আদিৰ ক্ষেত্ৰত জিলাখন কেনেদৰে উন্নয়নৰ শিখৰলৈ আগবাঢ়ি গৈছে, সেই সম্পৰ্কেও তেওঁ তেওঁৰ চমু বক্তব্যত উল্লেখ কৰে।