অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দৰং আৰু ওদালগুৰি জিলা ভ্ৰমন কৰে। আজি পুৱা দৰঙৰ তিনিখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে ৰাতিপুৱা প্ৰথমে ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিৎসালয়খনৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, প্ৰসুতিগৃহ পৰিদৰ্শন কৰাৰ লগতে আন্তঃ বিভাগত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লয়। এই চিকিৎসালয়খন পৰিদৰ্শনৰ পিছত এক বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী। ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াতে এক বৈঠকত মিলিত হৈ তেওঁ স্বাস্থ্যবান অসম কাৰ্যসূচীৰ অধীনত কেনেদৰে নিজকে বেমাৰৰ পৰা আঁতৰত ৰাখিব পাৰি সেই সন্দৰ্ভত গাঁৱে গাঁৱে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে আজি বিয়লি মঙলদৈ জিলা অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয় খনত অহা ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধুনিক এপৰ জৰিয়তে যাতে ৰোগী সকলে পঞ্জীয়ন কৰিব পাৰে তেনে এক ব্যবস্থা প্ৰচলন কৰিবলৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক আহ্বান জনায়। চিকিৎসালয়খন পৰিদৰ্শনৰ পূৰ্বে মন্ত্ৰীগৰাকী এক বৈঠকত মিলিত হয় আৰু এই বৈঠকত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ উৎপল বৰুৱাই চিকিৎসালয়খনৰ কেইবাটাও আন্তঃগাঠনি মূলক সমস্যাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে।
উল্লেখ্য যে, জিলা চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ দীপ্তি বৰুৱা উপস্থিত থাকে।
মঙলদৈ অসামৰিক চিকিৎসালয় চৌহদত এক বৃক্ষৰোপন কাৰ্য্যসূচীটো অংশ লয় মন্ত্ৰীগৰাকীয়ে।
বিয়লি দুই বজাত মন্ত্ৰী অশোক সিংহলে ২০০ খন বিছনা যুক্ত ওদালগুৰি জিলা চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনিৰ প্ৰতিটো ৱাৰ্ড পৰ্যবেক্ষণ কৰাৰ লগতে বিভিন্ন ব্যৱস্থাৱলী পৰিদৰ্শন কৰে।আজি চিকিৎসালয়খনত মন্ত্ৰী অশোক সিংহলে পঞ্জীয়ন কক্ষ, ডায়েলাইছিছ ইউনিট, মাতৃ প্ৰসৱ কক্ষ পৰিদৰ্শন কৰে। চিকিসালয়খনলৈ অহা প্ৰসুতি, ৰোগীৰ সৈতেও মন্ত্ৰী অশোক সিংহলে মত বিনিময় কৰি এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত চিকিৎসালয় খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সমস্যাসমূহ সমাধান কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে, চিকিৎসালয়খন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক নিজৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰূৰূপে পালন কৰি যাবলৈ আহ্বান জনায়।
বিয়লি মন্ত্ৰী অশোক সিংহলে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত থকা ধনশিৰি জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে। ইয়াৰে পাছত ধনশিৰি জলসিঞ্চন আঁচনিৰ বান্ধ সমূহৰ সুৰক্ষা ব্যৱস্থা, বিভিন্ন সমস্যা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। মন্ত্ৰী অশোক সিংহলে জলসিঞ্চন বিভাগৰ ডাঙৰ আঁচনি সমূহৰ বছৰি প্ৰকল্প মেৰামতি সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ মুখ্য অভিযন্তাক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ উপৰি মূল নদী আৰু প্ৰকল্পটোত বেৰিকেড নিৰ্মাণ কৰা , আচল কেনেল সমূহ মেৰামতি কৰা সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰে।তদুপৰি জিলা বন প্ৰাধিকাৰী বিষয়াক ধনশিৰি নদীৰ ওপৰত থকা বৃহৎ শিলসমূহ আঁতৰাবৰ বাবে জিলা আয়ুক্তক বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ সৈতে আলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিয়ে। মন্ত্ৰী অশোক সিংহলে স্থানীয় ৰাইজৰ সৈতেও বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে।
উল্লেখযোগ্য যে এই সভাখনত বি টি আৰৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য তথা স্হানীয় বিধায়ক গোবিন্দ বসুমতাৰী, অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো,জিলা আয়ুক্ত পুলক পাটগিৰিৰ লগতে জলসিঞ্চন বিভাগৰ বহুকেইজন শীৰ্ষ বিষয়া আৰু প্ৰায় সংখ্যক কৃষক ৰাইজ উপস্থিত থাকে।